Breaking

ক’ভিডপৰিস্হিতি সন্দৰ্ভত পৰ্যালোচনা সভা: ওদালগুৰিত আই চি ইউ বিচনা বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান কৰা হব:মন্ত্ৰী চন্দ্ৰমোহন

0 2,037

ক’ভিড১৯ ৰ পৰিস্হিতিৰ বুজ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ১৪মেত  বিয়লি ২.৩০ বজাত ওদালগুৰিত উপস্হিত হয়  অসম চৰকাৰৰ পৰিবহন,উদ্যোগ আৰু বানিজ্য মন্ত্ৰী  চন্দ্ৰ মোহন পাটোৱাৰী। মন্ত্ৰী পাটোৱাৰীয়ে পোনে পোনে ওদালগুৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্হিত হৈ জিলা প্ৰশাসন ,স্বাস্থ্য বিভাগৰ লগতে আৰক্ষী প্ৰশাসনৰ সৈতে মিলিত হয় আৰু পৰ্য্যালোচনা সভাত মন্ত্ৰী গৰাকীয়ে উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ লগতে  স্বাস্থ্য বিভাগৰ জিলা বিষয়াৰ পৰা ওদালগুৰি জিলাৰ ক’ৰোনা পৰিস্হিতি  সন্দৰ্ভত বুজ লয়‌।যুটীয়া সঞ্চালকক ৰেপিট টেষ্ট আৰু ভেকচিন দিয়া ব্যবস্থা প্ৰণালীৰ বৃদ্ধি কৰিবলৈ নিৰ্দেশ মন্ত্ৰী পাটোৱাৰীৰ।চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায় আগবঢ়োৱা হব বুলি তেওঁ পৰ্যালোচনা সভাত আশ্বাস প্ৰদান কৰে। জিলাখনত ক’ৰোনা সন্দৰ্ভত লোৱা ব্যৱস্হাৰ  বুজ লোৱাৰ পিছত স্হানীয় সাংবাদিকৰ সৈতে মুখামুখী হৈ জিলা খনত ক’ভিড ১৯ ৰ পৰিস্হিতিৰ বুজ লোৱাৰ কথা ব্যক্ত কৰি মন্ত্ৰী পাটোৱাৰীয়ে কয় যে-  ওদালগুৰি জিলা অসামৰিক চিকিৎসাসয়ত পৰ্যাপ্ত পৰিমানৰ অক্সিজেন আৰু বিচনাৰ পৰিমান ঠিকে আছে যদিও আই চি  ইউৰ অভাৱ পূৰণ হোৱা নাই। সেয়ে চিকিৎসালয় খনত পাচখন অতিৰিক্ত আই চি ইউ বিচনাৰ ব্যৱস্থা চলি থকা বুলি সাংবাদিকক জানিবলৈ দিয়ে।মন্ত্ৰী গৰাকীয়ে জিলা খনত ৰেপিট টেষ্ট আৰু ভেক্সিনেচনৰ পৰিমান বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিবলৈ  চিকিৎসক সকলক আহ্বান জনাই চিকিৎসাৰ ক্ষেত্ৰত অধিক সচেষ্ট হবলৈ আহ্বান জনোৱাৰ কথা ব্যক্ত কৰি  চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰে সকলো ব্যৱস্হা গ্ৰহন কৰিব বুলিও প্ৰকাশ কৰে । আজিৰ এই পৰ্যালোচনা সভাত মন্ত্ৰী পাটোৱাৰীৰ সৈতে ওদালগুৰিৰ  বিধায়ক গোবিন্দ চন্দ্ৰ  বসুমতাৰী,কলাইগাওঁঁৰ বিধায়ক দুৰ্গাদাস বড়ো ,ওদালগুৰি  জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক (ভাৰপ্ৰাপ্ত) ডা: গনেশ চন্দ্ৰ ব্ৰহ্ম,আৰক্ষী অধীক্ষক ৰিপুল দাসৰ উপৰিও স্বাস্হ্য বিভাগৰ আন বিষয়া সকল উপস্হিত আছিল।

Leave A Reply

Your email address will not be published.