Breaking

ক’ভিড পৰিস্থিতিৰ পৰ্যালচনাৰ বাবে ধুবুৰীত মন্ত্ৰী অজন্তা নেওগ

0 2,051

অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি ধুবুৰী জিলাৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে৷ আজি দুপৰীয়া ধুবুৰীত উপস্থিত হোৱাৰ পিছতে মন্ত্ৰী গৰাকীয়ে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কেবাজনো জনপ্ৰতিনিধি, জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাসহিতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ উপস্থিতত জিলাখনৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে৷ জিলা উপায়ক্ত আৰু স্বাস্থ্য বিভাগৰ ধুবুৰী জিলাৰ যুটীয়া সঞ্চালকে সভাত ধুবুৰীৰ ক’ভিড পৰিস্থিতি আৰু ক’ভিড চিকিৎসাৰ আন্তঃগাথনিৰ ব্যাখ্যা আগবঢ়াই৷ ধুবুৰীত আই চি ইউ বিচনাৰ ব্যৱস্থা নথকা, চিকিৎসক- স্বাস্থ্যকৰ্মীৰ নাটনি, জিলাখনলৈ পৰ্যাপ্ত ক’ভিড প্ৰতিষেধকৰ যোগান,  গ্লোভছ, পি পি ই কিট আদি পৰ্যাপ্ত পৰিমাণে যোগান ধৰাৰ বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক অৱগত কৰি প্ৰয়োজনীয় পদক্ষেপ লোৱা হ’ব বুলি জিলাখনৰ ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে সভাত মন্তব্য কৰে৷ তেওঁ ধুবুৰীত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঠনি কোভিড চিকিৎসাত ব্যৱহাৰ কৰাৰ পোষকতা কৰে৷ তেওঁ কয় যে যোৱা ১২ মে’ৰ পৰা ধুবুৰীত ক’ভিড পজিটিভৰ হাৰ ৭ শতাংশ হৈছে আৰু এয়া অতি উদ্বেগজনক৷ ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে মন্ত্ৰী অজন্তা নেওগে৷ ক’ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে নিৰ্ধাৰণ কৰা বাধা-নিষেধ কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক পৰামৰ্শ দিয়ে মন্ত্ৰীগৰাকীয়ে৷ তেওঁ কয়-‘ক’ভিডক লৈ আতংকিত হ’ব নালাগে৷ কিন্তু সাৱধান হোৱাৰ বাহিৰে ইয়াক প্ৰতিৰোধ কৰাৰ আন উপায় নাই৷’ মন্ত্ৰীগৰাকীয়ে প্ৰতিদিনে ধুবুৰীৰ ক’ভিড পৰিস্থিতিৰ শেহতীয়া খবৰ তেওঁক অৱগত কৰিবলৈ জিলা উপায়ুক্তক আহ্বান জনায়৷ ক’ভিড নিয়ন্ত্ৰণত জড়িত বিষয়াসকলক তেওঁলোকে সন্মুখীন হোৱা যিকোনো অসুবিধা বা পৰামৰ্শ দ্বিধাহীন ভাৱে যিকোনো সময়ত ফোনযোগে অৱগত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷ বৈঠকত উপস্থিত থাকে গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ, পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক ছামচুল হুদা, প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী, অশ্বিনী ৰায় সৰকাৰ প্ৰমুখ্যে কেবাজনো বৰ্তমান আৰু পূৰ্বৰ জনপ্ৰতিনিধি৷ তেওঁলোকক ৰাইজৰ মাজত সজাগতা সৃষ্টিত বিশেষ ভূমিকা লবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷ পৰ্যালোচনা বৈঠকত  জিলা উন্নয়ণ আয়ুক্ত বনশ্ৰী নাথ, অতিৰিক্ত উপায়ুক্ত পল্লৱ মজুমদাৰ, ধ্ৰুৱজ্যোতি দাস, মৃদুল যাদৱ প্ৰমুখ্যে কেবাজনো বিষয়া উপস্থিত থাকে৷ পৰ্যালোচনা বৈঠকৰ পিছতে মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰে৷ তেওঁ সাংবাদিকসকলক ক’ভিড সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিত লোৱা ভূমিকাৰ বাবে ধন্যবাদ জনায় আৰু ভৱিষ্যতেও এই দায়িত্ব পালন কৰি যাবলৈ  আহ্বান জনায়৷ মন্ত্ৰীগৰাকীয়ে ধুবুৰী অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি তাত ক’ভিডৰ চিকিৎসাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়৷

Leave A Reply

Your email address will not be published.