Breaking

আজিৰ পৰা চাহ বাগিচাত প্ৰযোজ্য হ’ব নতুন কোভিড বিধি। আক্ৰান্ত শ্ৰমিকক কৰিব নোৱাৰিব হোম কোৱাৰেণ্টাইন।

0 2,050

আজিৰ পৰা চাহ বাগিচাত প্ৰযোজ্য হ’ব নতুন কোভিড বিধি। বাগিচাসমূহত দিনে দিনে কোৰোণাৰ সংক্ৰমণ বৃদ্ধি পোৱাত চৰকাৰে বাগিচাৰ বাবে জাৰী কৰিছে নতন কোভিড বিধি।কোৰোণাত আক্ৰান্ত কোনো শ্ৰমিকক কৰিব নোৱাৰিব হোম কোৱাৰেণ্টাইন। উপযুক্ত সুবিধা থকা সমূহিক ভৱন, বিদ্যালয় বা প্ৰেক্ষাগৃহত কোভিড কেয়াৰ চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব।চাহ বাগিচাৰ সকলো বিষয়াই কৰিব লাগিব কোভিড টেষ্ট।

কোভিড কেয়াৰ চেণ্টাৰৰ সকলো দিশ তদাৰক কৰিব লাগিব স্থানীয় স্বাস্থ্য বিষয়া, নাৰ্ছ আৰু আশাকৰ্মীয়ে। সহযোগ কৰিব লাগিব বাগিচা পৰিচালনা কৰ্তৃপক্ষ, জিলা প্ৰশাসনে।
সংশ্লিষ্ট চক্ৰ বিষয়াই এজন বিষয়াক নিৰীক্ষক হিচাপে নিযুক্ত দিব কোভিড কেয়াৰ চেণ্টাৰত। লক্ষণবিহীন ৰোগীকহে বাগিচাৰ কোভিড কেয়াৰ চেণ্টাৰ ৰাখিব পাৰিব।বাগিচাৰ প্ৰতিটো কোভিড কেয়াৰ চেণ্টাৰত থাকিব লাগিব ৩টাকৈ অক্সিমিটাৰ। কোভিডৰ লগতে আন আন ঔষধ থাকিব লাগিব কোভিড কেয়াৰ চেণ্টাৰত।এজন ৰোগীৰ খাদ্যৰ নামত দৈনিক ব্যয় কৰিব লাগিব ৩০০টকা।

Leave A Reply

Your email address will not be published.