Breaking

এজন বিধায়কৰ পত্নীৰ মহানুভৱতা ,পথাৰত কৰ্মৰত হালোৱা-ৰোৱনীৰ বাবে ঘৰত ৰন্ধা দুপৰীয়াৰ আহাৰ নিজে ঠেলাত নি খোৱালে তৃপ্তিৰে এসাজ ৷

0 2,096

নগাঁও জিলাৰ  বেবেজীয়াৰ পশ্চিমাঞ্চলৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাবুকধৰা-নদলবৰীৰ এগৰাকী কৰ্মোদ্যমী মহিলা ৷ ক’ৰোনা মহামাৰীৰ দ্বিতীয় লহৰৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতে এইগৰাকী উদ্যমী তথা মানৱদৰদী মহিলাই নিজ গৃহত নিজ হাতেৰে ৰন্ধা বেঞ্জনেৰে পথাৰত কাম কৰি থকা হালোবা-ৰোৱনী সকলক তৃপ্তিৰে এসাজ খোৱাবৰ বাবে আশাৰে তৈয়াৰ কৰিছে নানা ৰকৰমৰ বেঞ্জন ৷ এই মহিলা গৰাকী আকৌ কোনো সাধাৰণ মহিলা নহয় ৷ তেওঁ হৈছে আকৌ অসম বিধান সভালৈ দ্বিতীয় বাৰৰ বাবে নিৰ্বাচিত মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ধৰ্মপত্নী লুজেমাই দেউৰী ৷ বৰ্তমান এজন জনপ্ৰতিনিধিৰ পত্নী হৈও আজি তেওঁ কৰি গৈছে একাংশ দৈনিক পথাৰত পৰিশ্ৰম কৰা লোকৰ বাবে কিছু মাত্ৰ প্ৰয়াস ৷ বিগত বহু বছৰ ধৰি পূৰ্ৱৰ দৰেই মহিলা গৰাকীয়ে আজিও এই ধাৰাবাহিকতা ৰক্ষা কৰি গৈছে আৰু এই ধৰণৰ সামাজিক কাম কাজ সমূহত নিজকে জৰিত কৰি ৷ এজন পুৰুষ বা মহিলাই কেতিয়াও নিজৰ শিপা পাহৰিব নালাগে ৷ যি মানুহে বা পুৰুষ মহিলাই নিজৰ শিপা পাহৰে সেই মানুহক সমাজেও সমালোচনা কৰে ৷ আৰু সেই বাণীকেই যেন সাৰোগত কৰি ৰাখি বৰ্তমানৰ মৰিগাঁৱৰ সদৰ সমষ্টিৰ পৰা দ্বিতীয় বাৰৰ বাবে বিধায়ক ৰূপে নিৰ্বাচিত হোবা ৰমাকান্ত দেউৰীৰ পত্নীয়ে । পূৰ্ৱৰ দৰে আজিও পথাৰত কাজ কৰি থকা হালোৱা-ৰোৱনীৰ বাবে দুপৰীয়াৰ সাজ লৈ যোৱাৰ মূহুৰ্তত বিধায়ক ৰমাকান্ত দেউৰীৰ উদ্যমী পত্নী লুজেমাই দেউৰীকদেখিবলৈ পোবা গল আজি কেইবাদিনো ধৰি চাবুকধৰাৰ নদলবৰী ঘৰ খনৰ পৰা ঠেলাত কেইজনমান সংগীৰ সৈতে পথাৰত হালোৱা-ৰোৱনী সকলক এনেদৰে দুপৰীয়া সাজ বিতৰণ কৰিবলৈ যোৱাৰ মুহুত্বত ৷ তেওঁ এতিয়াও পূৰ্বৰ দৰেই এনে নিত্যনৈমিত্তিক কৰ্ম কৰি গৈছে মনত কোনো সংশয় নোহোৱাকৈ । তেওঁৰ মনত নাই কোনো ভেম,নাই অহংকাৰ,মনত নাই কোনো সংকোচভাব ৷ এইক্ষেত্ৰত মহিলা গৰাকীয়ে কাৰোৰে পৰা ঘৰত পোবা নাই বাধাবিঘিণি ৷ ঘৰত চুবুৰীয়া মহিলা কেইগৰাকীৰ লগতে তেওঁ নিজ হাতে ৰন্ধা ভাজি,দালি,ভাত,শাকৰ ভাজি,চালাদ,আচাৰ,পাপৰ আদিৰে অপ্ৰায়ণ কৰোবালে হালোৱা ৰোৱনী সমূহক ৷ এই ধৰনৰ কাম কৰি উদ্যমী মহিলা গৰাকীয়ে মনত অত্যন্ত পৰমতৃপ্তি লাভ কৰা বুলি জানিব পৰা গৈছে ৷ তেওঁক এইক্ষেত্ৰত সহায় সহযোগীতা আগবঢ়াই আহিছে ওচৰ চুবুৰীয়া কেইজন যুৱক আৰু চুবুৰীয়া কেইগৰাকীমান উদ্যমী মহিলাই ৷ ক’ৰোনা মহামাৰীৰ ভয়াৱহতাৰ সময়তো ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ নাথাকি এতিয়া সমাজৰ বাবে এনেদৰে কাম কৰিবলৈ উলাই অহা বাবে লুজেমাই দেউৰীৰ এই প্ৰসংশনীয় পদক্ষেপক সমগ্ৰ চাবুকধৰা-নদলবৰীৰ ৰাইজেই প্ৰসংশা কৰিছে ৷

Leave A Reply

Your email address will not be published.