Breaking

নগাঁও আৰক্ষীৰ জালত জাগীৰোডৰ পৰা পলায়ণ কৰা ২১জন ৰেলযাত্ৰী:ক’ভিদ বিধি ভংগ কৰি সমগ্ৰ সমাজখনকে বিপদৰ মাজলৈ ঠেলি লোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লোৱা হ’ব:আনন্দ মিশ্ৰ

0 2,059

 কেৰেলাত শ্ৰমিক হিচাপে কৰ্মৰত নগাঁও জিলাৰ ৰূপহী, জুৰীয়া, বটদ্ৰৱা, ধিং আৰু চামগুৰি অঞ্চলৰ বহু শ্ৰমিকক বিচাৰি অহৰ্নিশে অভিযান চলাইছে নগাঁও আৰক্ষীয়ে। দেওবাৰে পুৱা জাগীৰোড ষ্টেচনৰ পৰা স্ক্ৰীনিং নকৰাকৈ পলায়ণ কৰা কেইবাশতাধিক শ্ৰমিকে বিবেক এক্সপ্ৰেছ যোগে জাগীৰোডত উপস্থিত হৈছিল। ৰেলযাত্ৰী সকলৰ বাবে জাগীৰোড ৰেল ষ্টেচন কৰ্তৃপক্ষই স্ক্ৰীণিঙৰ ব্যৱস্থা কৰিছিল যদিও তেঁওলোকে হঠাৎ সেই স্থানত হলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি ৰেল কৰ্মচাৰীক ঠেলা-হেচা কৰি পলায়ণ কৰিছিল। এইসকলৰ মাজত আছিল নগাঁও জিলাৰো বহু শ্ৰমিক। এই ঘটনাৰ পিছতে জিলাখনৰ ৰাইজৰ মাজত ক’ভিদ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকাই বিৰাজ কৰিছিল। এই ঘটনাৰ পিছতে নগাঁও আৰক্ষীয়ে জুৰীয়া অঞ্চলৰ পৰা ২১জন ৰেলযাত্ৰীক আটক কৰিছে। আজি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কয়, যিসকল ব্যক্তিয়ে এইদৰে ক’ভিদ বিধি ভংগ কৰি সমগ্ৰ সমাজখনকে বিপদৰ মাজলৈ ঠেলি দিছে তেঁওলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লোৱা হ’ব। উল্লেখযোগ্য যে, আটকাধীন ৰেলযাত্ৰী সকলৰ অধিকাংশই জুৰীয়া অঞ্চলৰ। আনহাতে পলাতক আন আন ৰেলযাত্ৰী সকলৰ সন্ধানতো নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত নগাঁৱৰ সংখ্যালঘূ অধ্যূষিত অঞ্চল সমূহত অভিযান চলি আছে। আৰক্ষীয়ে তেঁওলোকৰ সংস্পৰ্শলৈ অহা আন আন লোকৰো ক’ভিদ টেষ্টৰ ব্যৱস্থা কৰিছে। পলাতক ৰেলযাত্ৰী সকলক নগাঁৱৰ পৰা জাগীৰোড থানালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে নগাঁও আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.