Breaking

ৰঙিয়াত ৰাইজৰ দলৰ সংবাদমেল।মুখ্যমন্ত্ৰীয়ে অখিল গগৈ সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ বিৰোধীতা

0 2,055

ৰঙিয়াত ৰাইজৰ দলৰ সংবাদমেল । শেহতীয়াভাৱে শাসনাধিস্থিত চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে বিশেষভাবে অখিল গগৈ সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ বিৰোধীতা কৰি আজি ৰাইজৰ দলৰ ৰঙিয়াস্থিত কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেল খনত ৰাইজৰ দলৰ নেতা হৰেশ্বৰ বৰ্মণে কেবাটাও গুৰুতৰ অভিযোগ কৰে । নেতাজনে হিমন্তবিশ্ব শৰ্মা নেতা নহয় অভিনেতা বুলি কটাক্ষ কৰি কয় যে হিমন্তবিশ্ব শৰ্মা নিজেই এজন মানসিক বেমাৰী । অখিল গগৈৰ বেমাৰৰ বিষয়ে যিসময়ত হস্পিতাল কৰ্তৃপক্ষই আজিলৈ কোনো তথ্য সদৰী কৰা নাই এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য অতি দুৰ্ভাগ্যজনক আনহাতে হিমন্ত বিশ্ব শৰ্মাই‌ দিনত ১०/১২ বাৰকৈ কʼভিড প্ৰটʼকল ভংগ কৰি ঠায়ে ঠায়ে মামা খানা মাগিন খানা খাই ফুৰিছে ,কাৰ্যত কʼভিড প্ৰতিৰোধত ব্যৰ্থ হৈ এইধৰণে লম্ফজম্ফ কৰি থকা বুলিও গুৰুতৰ অভিযোগ কৰে।ইয়াৰোপৰী গো সুৰক্ষা আইনৰ ওপৰত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত নেতা গৰাকীয়ে তেওঁলোকৰ এই গো প্ৰীতি কেৱল ভোটৰ স্বাৰ্থত বুলি কৈ ৰাজ্যৰ কোনোটো অঞ্চলত পশুধন সুৰক্ষাৰ বাবে এটা সামান্য দৰৱ পাবলৈ নাই । ছাত্ৰ সংগ্ৰাম সমিটিৰ প্ৰাঞ্জল কলিতাই ৰঙিয়াত কʼভিদ পৰীক্ষা তথা ভেকচীনৰ নাটনি সন্দৰ্ভতো সোচ্ছাৰ হৈ পৰা দেখা যায়,ছাত্ৰনেতা গৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই যিদৰে নিজৰ সমষ্টিত ভেকচীন কেন্দ্ৰ সুলভ কৰাইছে, ঠিক তেনেদৰে ৰঙিয়াতো ভেকচিন কেন্দ্ৰ আৰু পৰীক্ষা কেন্দ্ৰ উপলব্ধ কৰোৱাৰ দাবী জনাই ।

Leave A Reply

Your email address will not be published.