Breaking

চাবুৱাৰ বিধায়ক পোণাকন বৰুৱাৰ আহ্বানমৰ্মে ডিকমত কন্টেইনমেন্ট জ’নৰ পৰিয়ালক খাদ্য-সামগ্ৰী প্ৰদান অগপৰ

0 547

‘বৰ্তমান সময়ত কোনেও ভয়ত বিতত ন’হব। এই সময়ত এজনে আনজনৰ সহায়ক হওক’। এই আহ্বান চাবুৱা বিধান সভা সমষ্টিৰ বিধায়ক পোণাকন বৰুৱাৰ। বিধায়ক পোণাকন বৰুৱাৰ আহ্বানমৰ্মে ডিকমত কন্টেইনমেন্ট জ’ন থকা সমূহ পৰিয়ালক খাদ্য-সামগ্ৰী প্ৰদান কৰে অগপ কৰ্মী সকলে। ৰাজ্যিক মহিলা পৰিষদৰ নেত্ৰী অঞ্জলী গগৈ, ৰাজিক সাধাৰণ পৰিষদৰ সদস্য প্ৰভাত চাহু, যুৱ পৰিষদৰ দেব্ৰবত দাসে চাউল, দাইল, মিঠাতেল, আলু, পিয়াজসহ সাহাৰ্য টোপোলাসমূহ কন্টেইনমেন্ট জ’নত থকা পৰিয়ালকেইটাক প্ৰদান কৰে। কৰোনা মহামাৰীৰ সময়ত কোনো পৰিয়ালেই ঘৰত আবদ্ধ হৈ থাকি যাতে অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰে বাবে চাবুৱাৰ সমষ্টিৰ বিধায়ক পুনাকণ বৰুৱাই সদায় নজৰ দি থাকিব বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অগপ ৰাজ্যিক নেত্ৰী অঞ্জলী গগৈয়ে।

Leave A Reply

Your email address will not be published.