Breaking

বিমান যাত্ৰীৰ বাবে দুঃখবৰ ! ১ জুনৰ পৰা বৃদ্ধি পাব বিমান ভাড়া

0 2,071

পুনৰ বৃদ্ধি পাব ঘৰুৱা বিমানৰ ভাড়া। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ঘৰুৱা বিমানৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে কেতবোৰ সিদ্ধান্ত। উৰণৰ সময়ৰ ওপৰত ভিত্তি কৰি মন্ত্ৰালয়ে ১৩ ৰ পৰা ১৬ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিছে বিমান ভাড়া।দৰাচলতে, চৰকাৰে ঘৰুৱা বিমানৰ ভাড়াৰ নিম্ন সীমা ১৩ ৰ পৰা ১৬ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ পূৰ্বে মাৰ্চ মাহত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ঘৰুৱা বিমানৰ ভাড়াৰ নিম্ন সীমা ৫ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়। ফেব্ৰুৱাৰীত, নিম্ন মূল্যৰ বেণ্ডটো ১০ শতাংশ আৰু উচ্চতৰ বেণ্ডটো ৩০ শতাংশ বৃদ্ধি কৰা হৈছিল।বিমানৰ ভাড়াৰ এই বৃদ্ধি ১ জুনৰ পৰা কাৰ্যকৰী হ’ব। অৱশ্যে, চৰকাৰৰ এই পদক্ষেপে এয়াৰলাইন কোম্পানীবোৰক উচ্চ বিমান ভাড়াৰ সীমা অপৰিৱৰ্তিত ৰখাত সহায় কৰিব। কোভিড-১৯ৰ দ্বিতীয় ঢৌৰ ফলত বিমান যাত্ৰীৰ সংখ্যা তীব্ৰভাৱে হ্ৰাস পাইছে যাৰ ফলত উপাৰ্জন হ্ৰাস পাইছে।শুকুৰবাৰে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে জাৰি কৰা এক চৰকাৰী নিৰ্দেশত কোৱা হৈছে যে ৪০ মিনিটলৈকে বিমান উৰণৰ বাবে নিম্ন ভাড়াৰ সীমা ২,৩০০ টকাৰ পৰা ২,৬০০ টকা বা ১৩ শতাংশলৈ বৃদ্ধি কৰা হৈছে। একেদৰে, ৪০ মিনিটৰ পৰা ৬০ মিনিটৰ উৰণৰ বাবে নিম্ন ভাড়াৰ সীমা এতিয়া ২৯০০ টকাৰ পৰিৱৰ্তে প্ৰতিজন ব্যক্তিৰ বাবে ৩৩০০ টকা হ’ব।দেশত বিমান উৰণৰ ম্যাদৰ ওপৰত ভিত্তি কৰি বিমান ভ্ৰমণৰ ভাড়া কম আৰু উচ্চ সীমা আছিল। যোৱা বছৰ ২৫ মে’ত মুকলি হোৱা দুমাহৰ লকডাউনৰ সময়ত এই সীমা নিৰ্ধাৰণ কৰা হৈছিল। ডিজিচিএয়ে(DGCA) যোৱা বছৰ মে’ত ঘৰুৱা বিমানৰ বাবে মুঠ ৭ টা ফেয়াৰ বেণ্ড ঘোষণা কৰিছিল। এই ৭ টা মূল্য বেণ্ড ভ্ৰমণৰ সময়ৰ ওপৰত আধাৰিত। প্ৰথম বেণ্ডটো ৪০ মিনিটলৈকে ভ্ৰমণ কৰা বিমানৰ বাবে। বাকী বেণ্ডবোৰ হৈছে ক্ৰমান্বয়ে ৪০-৬০ মিনিট, ৬০-৯০ মিনিট, ৯০-১২০ মিনিট, ১২০-১৫০ মিনিট, ১৫০-১৮০ মিনিট আৰু ১৮০-২১০ মিনিট।

Leave A Reply

Your email address will not be published.