Breaking

চিৰাঙত বোমাতংক ,প্ৰায় পাঁচ ঘন্টীয়া বোমাতংকই গোটেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিলে ।

0 1,556

চিৰাং জিলা সদৰ কাজলগাঁৱত বুধবাৰে ৰাতিপুৱাৰে পৰা প্ৰায় পাঁচ ঘন্টীয়া বোমাতংকই গোটেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিলে ।

গুৱাহাটীৰ পৰা অহা বোমা বিশেষজ্ঞৰ দলে সন্দেহ যুক্ত বোমা সদৃশ সামগ্ৰীটো উদ্ধাৰ কৰা স্থানৰ পৰা চিৰাং পুলিচ ৰিজাৰ্ভ পথাৰত আনি পৰীক্ষা কৰাৰ পিছত সন্দেহ যুক্ত বোমাটোৰ পৰা মাটি ওলায় ।

এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে চিৰাং জিলাৰ আৰক্ষী অধীক্ষক গৌৰব উপাধ্যায়ে। তাৰ পিছতেই ৰাতিপুৱাৰ পৰা চলি থকা পাঁচ ঘন্টীয়া বোমাতংকৰ অৱসান ঘটে ।

আৰক্ষী অধীক্ষক জনে কয় যে যি দুষ্ট চক্ৰই এই কাণ্ড সংঘটিত কৰিছে তাৰ উচিত তদন্ত কৰা হব ।

কাজলগাঁৱৰ জিলা ন্যায়াধীশৰ আদালতৰ সন্মূখৰ কাজলগাঁও – বেংতল সংযোগী গঢ়কাপ্তানী পথৰ দাঁতিত ৰাতিপুৱা আঠ বজাৰ বোমা সদৃশ সামগ্ৰী প্ৰত্যক্ষ কৰাৰ পিছত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছিল ।

আৰু আজিৰ এই ঘটনা সন্দৰ্ভত চিদলী বিধান সভাৰ নৱনিৰ্বাচিত বিধায়ক জয়ন্ত বসুমাতাৰীয়ে কয় যে বিটিআৰ শান্তি চুক্তিৰ পিছত এই এলেকাত এক শান্তিৰ পৰিৱেশ ঘুৰি আহিছিল আৰু এই শান্তি পৰিবেশত এনেধৰণৰ কাণ্ড কৰি যি দুষ্ট চক্ৰই এক আতংকময় পৰিবেশ সৃষ্টি কৰাৰ অপচেষ্টা কৰিলে তাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আৰক্ষী তথা জিলা প্ৰশাসনক আহ্বান জনায় ।

উল্লেখ যে বোমা সদৃশ সামগ্ৰীটোৰ ওপৰত কলমেৰে ৩৬ হেণ্ড গ্ৰেণেড বুলি লিখা আছিল ।

তাকে লৈ আৰক্ষীৰ মাজত এক প্ৰশ্নৰ উদ্বেগ হৈছে ।

এতিয়া প্ৰশ্ন হয় কোনে কি উদ্দেশ্যৰে এই বোমাতংকৰ সৃষ্টি কৰিলে এয়া এতিয়াও পোহৰলৈ অহা নাই যদিও আৰক্ষীৰ তদন্তৰ পিছত হে জনা যাব ইয়াৰ আঁৰত কোন জড়িত হৈ আছে ।

Leave A Reply

Your email address will not be published.