Breaking

ধুবুৰী জিলাৰ গোসাঁইডুবী তিনডুবী গাওঁ পঞ্চায়তৰ পাৰ্কু পাইনৰ কামত ব্যাপক দুৰ্নীতি ৷ সাংবাদিকৰ কেমেৰাৰ সন্মুখত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক ভাষ্য প্ৰদান স্থানীয় জনতাৰ।

0 2,079

 চৰকাৰে দিয়া বিৰসিং জৰুৱা ব্লকত মুঠ ১৯ কোটি ৩৫ লাখ টকা পাৰ্কু পাইনৰ আচনিঁৰ নামত ধন মুকলাই দিছে তাৰে ভিতৰত গোসাঁইডুবি তিনডুবী গাওঁ পঞ্চায়তত অন্তৰ্গত ১০ টা পাৰ্কুপাইনৰ কামৰ পৰিমান ১ কোটি তাৰে ভিতৰত মাত্ৰ ৪/৫ লাখ  টকাৰ কাম কৰিছে বুলি ৰাইজ অভিযোগ উত্থাপন কৰিছে।  প্ৰতিটোত ১৫৫ টা পাৰ্কু পাইন নিদি মাত্ৰ  ২৫/৩০ টা ছেট বহাই বাৰিষাৰ দিন অহালৈকে ৰৈ আছে তাৰ পিছতে বাকি টকা আত্মসাৎ কৰাৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে স্থানীয় ৰাইজৰ অভিযোগ ৷ আৰু সভানেত্ৰী হাবিবা ইয়াছমিনে অকল পাৰ্কু পাইনৰ কামতে নহয় পঞ্চায়তৰ বিভিন্ন আচনিঁৰ কামত ব্যাপক দুৰ্নীতি কৰি আহিছে বুলি সাংবাদিকৰ কেমেৰাৰ আগত ৰাইজে বিষ্ফোৰক ভাষ্য প্ৰদান কৰে  ৷ আপুনি শুনিলে আচৰিত হ’ব, ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা আজিলৈকে উক্ত গাওঁত সাংবাদিক কেতিয়াও যোৱা নাছিল বুলি ৰাইজে জনাই। সেই সুযোগতে চৰঅঞ্চলৰ সহজ সৰল লোকৰ সৰলতাৰ সুযোগ লৈ চলাইছে অৰাজগতা। যিজনী সভানেত্ৰীক উন্নয়নৰ বাবেই নিৰ্বাচিত কৰিছে সেই গৰাকী সভানেত্ৰীয়ে ধুবুৰী চহৰৰ মাজমজিয়াত থকা নিজৰ বাসগৃহত বসবাস কৰে কিন্ত মাহ মাহ ধৰি পঞ্চায়তৰ ৰাইজক খবৰ লোৱাৰ সময় নাই অকল নিৰ্বাচনৰ সময়ত মুখ দেখিবলৈ পোৱা যায়। আৰু এই অঞ্চলৰ নীৰিহ দিন হাজিৰা কৰি খোৱা একাংশ পৰিয়ালে আৰু ৰাইজে অসম চৰকাৰ আৰু ধুবুৰী জিলা উপায়ুক্তৰ জড়িয়তে বিচাৰিছে প্ৰতিটো কামৰ তদন্ত ৷ 

Leave A Reply

Your email address will not be published.