Breaking

পাণ্ডুৰ জয়মতী নগৰত ভয়ংকৰ অগ্নিকাণ্ড

0 542

গুৱাহাটী মহানগৰীৰ জালুকবাৰী থানাৰ অন্তৰ্গত পাণ্ডুৰ জয়মতী নগৰত যোৱানিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড । জানিব পৰা মতে ৰন্ধন গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ সংঘটিত অগ্নিকাণ্ডটোত সম্পূৰ্নৰূপে ভস্মীভূত হয় ১০ টাকৈ বাসগৃহ । প্ৰাপ্ত খবৰ মতে যোৱানিশা প্ৰায় ১১:৩০ বজাত সংঘটিত ভয়াবহ অগ্নিকাণ্ডটোত জয়মতী নগৰত ভাৰাতীয়া হিচাপে থকা প্ৰায় দহটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় অঞ্চলটোত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় । জুইৰ লেনিহান শিখাই মুহূৰ্ততে ছানি ধৰে সমগ্ৰ জয়মতীনগৰ অঞ্চলটো । ভয়াৱহ অগ্নিকাণ্ডটোত প্ৰায় ১০  লক্ষাধিক টকাৰ অতি মূল্যবান সা-সম্পত্তি জ্বলি চাৰখাৰ হয় । তদুপৰি বাইকসহ বাসগৃহৰ ভিতৰত থকা বাইক সহ কোনো ধৰণৰ সা-সামগ্ৰী ৰক্ষা নপৰিল অগ্নিকাণ্ডটোৰ পৰা । ইপিনে স্থানীয় নাগৰিকৰ তৎপৰতা আৰু পাণ্ডু – আই এছ বি টিৰ পৰা অহা মুঠ ৬খনকৈ অগ্নিনিৰ্বাপক বাহনীৰ বাহনে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । দিন হাজিৰা  কৰি পৰিয়াল চলাই থকা ভাৰাতীয় লোকসকল অগ্নিকাণ্ডটোৰ ফলত বিশেষভাৱে ক্ষতিগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে ।

Leave A Reply

Your email address will not be published.