Breaking

শীঘ্ৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত পূৰণ কৰা হ’ব ৩,২৮৭টা খালী পদ!

0 2,090

ৰাজ্যৰ শিক্ষিত নিবনুৱালৈ সু-খবৰ দিলে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত দাসে। সোমবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ‘পঞ্চায়তআৰু গ্ৰামোন্নয়ন বিভাগত  ৩ হাজাৰ ২৮৭টা পদ খালী হৈ আছে। শীঘ্ৰে খালী পদ সমূহ পূৰণ কৰা হ’ব। চৰকাৰে দিবলগীয়া ১ লাখ নিযুক্তিৰ ভিতৰত এই পদ সমূহ পূৰণ কৰা হ’ব।’ইয়াৰ উপৰিও সোমবাৰৰ সংবাদমেলত মন্ত্ৰীগৰাকীয়ে আন কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শেহতীয়াকৈ কোভিড 19ক প্ৰতিহত কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ উঠি পৰি লাগিছে। প্ৰতি গাঁও পঞ্চায়তত গঢ়ি তুলিছে ‘ৱাৰ ৰূম’। বিভাগটোৱে আৰম্ভ কৰা গণ আন্দোলনত অংশ লৈছে তিনগৰাকী মন্ত্ৰী, দুগৰাকী সাংসদ আৰু ৪০গৰাকী বিধায়কে ৷ বিভাগীয় মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ দাবী, কোভিড বিৰোধী আন্দোলনৰ বাবে ৰাজ্যত বৰ্তমান ১৭৩খন গাঁও পঞ্চায়ত কোভিড মুক্ত হৈছে।

Leave A Reply

Your email address will not be published.