Breaking

মাত্ৰ এপাহ ফুল ছিঙাক কেন্দ্ৰ কৰি লাহৰীঘাটৰ পশ্চিম বৰখাঁবলত প্ৰচণ্ড মাৰপিটৰ ঘটনা

0 2,061

 মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত পশ্চিম  বৰখাঁবল গাঁৱত  যোৱা ৩১ মে’ত দুটা ফৈদৰ মাজত এজোপা ফুল ছিঙাক  লৈ দুই  ফৈদৰ মাজত  বিবাদৰ ফলত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়।  জানিব পৰা মতে  লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত বৰখাঁবল গাঁৱত বিগত কেইবামাহ ধৰি অব্যাহত থকা পৰিয়াল কেন্দ্ৰিক সংঘাতৰ ফলত অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ উত্তেজনা। জানিব পৰা মতে, ভূক্তভোগী ফাইজুল ইছলামৰ এটি কনমানিয়ে এজোপা ফুল ছিঙাৰ বাবে আব্দুল জুব্বাৰৰ দূৰ্বৃত্বৰ দলটোৱে ফাইজুলক ঘৰৰ পৰা মাতি চোতালত নি লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰিবলৈ ধৰে। চিঞৰ বাখৰ শুনি ফাইজুলৰ আত্মীয় লোক ওলাই অহাত দূৰ্বৃত্বৰ দলটোৱে এফালৰ পৰা দাৰে ঘপিওয়াৰ উপৰিও লোহাৰ চোকা অস্ৰৰে হানি খুচি প্ৰাণে মাৰাৰ অপচেষ্টা‌ চলাই । উক্ত সংঘাতৰ ফলত ফাইজুলৰ পৰিয়ালৰ চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হয় আৰু ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাৰে দুগৰাকী অতি সংকটজনক অৱস্থাত গুৱাহাটীস্থিত দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোমত মৃত্যুৰ সৈতে যুজি আছে। ইতিমধ্যে ফাইজুলৰ আত্মীয় ৰহিমা খাতুনে লাহৰীঘাট থানাত এখনি গোচৰ ৰুজু কৰিছে ।

Leave A Reply

Your email address will not be published.