Breaking

গাঞ্জা- ভাং আদিৰ বিৰুদ্ধে তৎপৰ দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষী।

0 550

দৰং জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত জিলাখনৰ আৰক্ষীয়ে অবৈধ ড্ৰাগছ, ভাং আদি নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান। খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কাকতিৰ নেতৃত্বত চলা এক অভিযানত জিলাখনৰ আলিকাষ গাঁওৰ জবান আলীৰ ঘৰৰ পৰা 3 KG নিষিদ্ধ গাঞ্জা উদ্ধাৰ কৰে। জবান আলীৰ স্বীকাৰূক্তিত আৰক্ষীয়ে বিহুদিয়া গাৱৰ উমৰ আলি , ঘনশিমূলীৰ ইনামূল হক আৰু নিজ নগাজন গাঁওৰ পৰা ফুল মহম্মদক আটক কৰে আৰু আটক চাৰি সৰ্বৰাহকাৰীৰ পৰা 10kg গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা গাঞ্জা সৰ্বৰাহকাৰীৰ বিৰূদ্ধে শুধপোচ অব্যাহত ৰাখিছে । আৰক্ষীয়ে এই সন্দৰ্ভত খাৰুপেটীয়া থানাত এক গোচৰ ৰুজু কৰি অভিযুক্ত চাৰিজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে।

Leave A Reply

Your email address will not be published.