ৰাজ্যত অব্যাহত আছে চোৰাং ব্যৱসায় আৰু চিণ্ডিকেটৰ বজাৰ। এনে এক বৃহৎ চোৰাং চাউল ব্যৱসায়ৰ খৱৰ ৰাজহুৱা হৈছে কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ছাটাবাৰীস্থ উদ্যোগিক কেন্দ্ৰত। দক্ষিণ কামৰূপৰ ছয়গাঁওৰ ঔদ্যোগিক কেন্দ্ৰত চৰকাৰৰ এফ ,চি ,আই বিভাগৰ হাজাৰ হাজাৰ বস্তা চোৰাং চাউল জব্দ কৰে বকো আৰক্ষী বিষয়াই। জানিব পৰা মতে মাৰুতি ফুটজ ইউনিট-২ নামৰ ঔদ্যোগটোত মেঘালয়ৰ এফ, চি,আইৰ চাউল ট্ৰাকে ট্ৰাকে দীৰ্ঘদিনৰ পৰা আহি আছিল।লগতে উদ্যোগটোৰ এফ চি আইৰ চাউল বস্তাৰ পৰা উলিয়াই নতুনকৈ চাউল পেকেজিং কৰাৰ অভিযোগ উত্থাপিত হৈছে।উল্লেখ যে নতুন কৈ পেকেট কৰা চাউল সমূহ প্ৰেৰণ কৰা হয় আছাম ৰাইফলছ আৰু চি আৰ পি এফ তথা আৰক্ষীলৈ। প্ৰাপ্ত তথ্য অনুসৰি উদ্যোগটোৰ স্বত্বাধিকাৰী দীপক আগৰৱালাই বহু দিনৰ পৰা এনে ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে যোৱা ১জুনৰ নিশা নধিয়াপাৰাত এখন ট্ৰাক উদ্ধাৰ হোৱাৰ পিছতেই এই ভয়াবহ দূৰ্নীতি পোহৰলৈ আহে। বকোৰ নধিয়াপাৰাত চাউল ভৰ্তি ট্ৰাক খন দেখি স্থানীয় ৰাইজৰ সন্দেহ হোৱাত বকো আৰক্ষীক অবগত কৰে। ইফালে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ৰ নেতৃত্বত লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু আৰক্ষীয়ে এন এল – ০৭ এ – এ০৪৯৩ নম্বৰৰ ট্ৰাকখন জব্দ কৰে লগতে আৰু বহু কেইখন ট্ৰাক উদ্যোগটোৰ ভিতৰত সোমাইছে বুলি স্থানীয় ৰাইজে জনায়। ঘটনা সন্দৰ্ভত যোৱা নিশা বকো আৰক্ষীয়ে উদ্যোগটোত অধিক তথ্যৰ বাবে অভিযান চলাই। আনহাতে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ে বৰ্তমানো ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে। প্ৰকাশ যে একো একোখন ট্ৰাকত চাউল আহে প্ৰায় ৫০০ বস্তাকৈ।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Jayanta Hazarika: শিল্পী জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন
- Jinki Mili Online Trading:ডিব্ৰুগড় সদৰ থানাত জিংকি মিলি
- Mising Autonomous Council: মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা অবিহনে আন্দোলন অব্যাহত থাকিব
- Smart meters: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ বিক্ষোভ
- Auspicious Bhado Month: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদমহীয়া নামৰ সামৰণি
- AJYCP protests against ONGC: নাজিৰাত ONGCৰ থলুৱাবিৰোধী নীতিৰ বিৰুদ্ধে AJYCPৰ বিক্ষোভ
- Oil and gas drilling in Gibbon Sanctuary: গিবনত তেল-গেছ খননৰ সিদ্ধান্তৰ কঠোৰ বিৰোধিতা আটাছুৰ
- Nagaon District Medicine Dealers’ Association:ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতেই মুহূৰ্তে মুহূৰ্তে ৰং সলনি কৰিছে নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থাই
- Nazira ONGC employee goes to jail:ইনষ্টাগ্ৰামৰ বাগিৰে লজ্জানত কাণ্ড! ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ
- Na Lakhimi Scheme:মহিলা হিতাধিকাৰীক ন-লখিমী আঁচনিৰ দ্বাৰা মাহে ৩০০০ টকাকৈ দিয়া হ’বঃ ভূপেন কুমাৰ বৰা