Breaking

ছিপাঝাৰ উন্নয়ন খণ্ডত এম জি এনৰেগাৰ ৩০ কোটিৰ কেলেংকাৰীৰ অভিযোগ

0 1,048

দৰং জিলাৰ ছিপাঝাৰ উন্নয়ন খণ্ডত  চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগে ৰূপায়ন কৰা  এমজিএনৰেগা আচনিৰ নামত  প্ৰায় ৩০ কোটি অধিক টকাৰ এক বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উথাপিত হৈছে । দুৰ্নীতি বিৰোধী যুৱ শক্তি , অসমৰ দৰং জিলা সমিতিয়ে লিখিতভাৱে দাঙি ধৰা অভিযোগ অনুসৰি বিগত  ২০১৯ – ২০  আৰু ২০২০ – ২১ বৰ্ষত  জিলা গ্ৰামোন্নয়ন বিভাগে গাইড লাইন উলংঘন কৰি হকে বিহকে ১২০ ৰো অধিক আঁচনি অনুমোদন দি সংঘটিত কৰিছে ব্যাপক অনিয়ম  ।  জিলাখনৰ ভিতৰতে বৃহৎ উন্নয়ন খণ্ডৰূপে পৰিগণিত এই ছিপাঝাৰ উন্নয়ন খণ্ডৰ অধীনস্থ ২৫ খন গাঁও পঞ্চায়তত এই পৰ্যন্ত আধৰুৱা  প্ৰতিখন এমজি এনৰেগা আচনি  ।  একমাত্ৰ কমিছনৰ পদ্ধতিত জিলা প্ৰকল্প সঞ্চালকৰ পৰা আৰম্ভ কৰি উন্নয়ন খণ্ডৰ বি ডি অ , গাননিক, এ ই , জি আৰ এছ , সচিব আদিয়ে একাংশ পাবত গজা বি জে পি ৰূপী ঠিকাদাৰৰ সহযোগত  সামান্য কাম কৰিয়ে আচনিৰ ধন লাখে লাখে হজম কৰাৰ অভিযোগ তুলিছে সংগঠনটোৱে  ।  দুৰ্নীতি বিৰোধী সংগঠনটোৱে  সমষ্টিটোৰ সানোৱা , চেঙেলীয়াঝাৰ , বাজনাপথাৰ , পাথৰিঘাট , দেবানন্দ , বুঢ়ীনগৰ , ঘোঁৰাবান্ধা , বৰদৌলগুৰি , মাৰৈ আদি পঞ্চায়তত নিৰ্মাণৰত আঁচনি পৰ্যবেক্ষণ কৰিলেই  ধন লুণ্ঠনৰ প্ৰকৃত ছৱিখন উন্মোচিত হব বুলি কৈ এই ক্ষেত্ৰত উন্নয়ন খণ্ডটোৰ নৱনিযুক্ত বি ডি অ  বিভাষ বৰাক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰিবলৈ সংগঠনটোৱে দাবী জনাইছে  ।  কেৱল এমজিএনৰেগা আচনিয়েই নহয়  বিগত বৰ্ষত সমষ্টিটোত চৰকাৰৰ সহযোগত ৰূপায়ন হোৱা অৰুনোদয় , কৃষক সন্মান নিধি , কৃষি সা – সজুলি যোগান আৰু  স্বয়ম  আচনিটো ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ কৰি  এক উচ্চ পৰ্যায়ৰ তদন্তৰে ৰাইজক উপকৃত কৰিবলৈ  কালি স্থানীয় বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ হাতত এখন লিখিত পত্ৰ প্ৰদান কৰে সংগঠনটোৰ জিলা সভাপতি নিতানন্দ কলিতা আৰু সম্পাদক মুন মুন শইকীয়াই।

Leave A Reply

Your email address will not be published.