তামুলপুৰ মহকুমাৰ দ্বাৰকুছিৰ সমীপৰ লাছিঘাটত বৰলীয়া নৈৰ ওপৰত থকা এখন বাঁহৰ সাঁকো আজি বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত অঞ্চলটোৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। দ্বাৰকুছি- ৰাঙাপানী- কাউৰবাহা সংযোগী পথৰ লাছিঘাটত থকা বাঁহৰ দলংখন আজি উটুৱাই নিয়াৰ ফলত লাছি, গলবেৰা, উত্তৰ গলবেৰা, ৰাঙাপানী, কাউৰবাহা, গান্ধীবাৰী, গোৰেশ্বৰ আদি অঞ্চলৰ হেজাৰ হেজাৰ ৰাইজৰ যাতায়ত আজি বন্ধ হৈ পৰে। উল্লেখ্য যে কিছু বছৰ আগলৈ লাছিঘাটত বৰলীয় নৈৰ ওপৰত এখন কাঠৰ দলং আছিল যদিও সেইখন মেৰামতি নকৰাৰ ফলত জৰাজীৰ্ণ হৈ পৰে আৰু বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াত যোগাযোগ বন্ধ হৈ পৰে। তাৰ পিছত নদীৰ দুয়োটা পাৰৰ অঞ্চলটোৰ স্থানীয় ৰাইজে বৰলীয়া নৈৰ ওপৰত এখন বাঁহৰ সাঁকো সাজি সাঁকো খনৰ ওপৰেৰে যাতায়ত অব্যাহত ৰাখিছিল। প্ৰতি বছৰে স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি বাঁহৰ সাঁকো নিৰ্মান কৰি যাতায়ত অব্যাহত ৰাখে যদিও সাঁকো খন উটুৱাই নিয়াত পুনৰ যাতায়ত বন্ধ হৈ পৰে। আজি বছৰটোৰ প্ৰথমটো বানে সাঁকো খন পুনৰ উটুৱাই নিয়াত কেইবাখনো গাঁওৰ হেজাৰ হেজাৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী আৰু ৰোগীৰ যাতায়তৰ বাবে বন্ধ হৈ পৰে যাতায়ত। অনতি পলমে দ্বাৰকুছি-ৰাঙাপানী- কাউৰবাহা পথত এখন পকী দলংৰ নিৰ্মাণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োক অনুৰোধ জনাইছে এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক টাইছন হুছেইন, তামুলপুৰ জিলা এবিএমছুৰ সভাপতি বদৰুদ্দিন খানৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজে।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Jayanta Hazarika: শিল্পী জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন
- Jinki Mili Online Trading:ডিব্ৰুগড় সদৰ থানাত জিংকি মিলি
- Mising Autonomous Council: মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা অবিহনে আন্দোলন অব্যাহত থাকিব
- Smart meters: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ বিক্ষোভ
- Auspicious Bhado Month: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদমহীয়া নামৰ সামৰণি
- AJYCP protests against ONGC: নাজিৰাত ONGCৰ থলুৱাবিৰোধী নীতিৰ বিৰুদ্ধে AJYCPৰ বিক্ষোভ
- Oil and gas drilling in Gibbon Sanctuary: গিবনত তেল-গেছ খননৰ সিদ্ধান্তৰ কঠোৰ বিৰোধিতা আটাছুৰ
- Nagaon District Medicine Dealers’ Association:ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতেই মুহূৰ্তে মুহূৰ্তে ৰং সলনি কৰিছে নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থাই
- Nazira ONGC employee goes to jail:ইনষ্টাগ্ৰামৰ বাগিৰে লজ্জানত কাণ্ড! ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ
- Na Lakhimi Scheme:মহিলা হিতাধিকাৰীক ন-লখিমী আঁচনিৰ দ্বাৰা মাহে ৩০০০ টকাকৈ দিয়া হ’বঃ ভূপেন কুমাৰ বৰা