আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল – এই ফকৰা যোজনাটোৰেই উদাহৰণস্বৰূপ হৈ পৰিছে এটি উপ স্বাস্থ্যকেন্দ্ৰ । যিটো ওৰাংৰ গৰৈমাৰীত পাঁচবছৰ আগতেই স্থাপিত হৈছিল । স্থাপিত হল ঠিকেই কিন্তু আজি পৰ্যন্ত নহল মুকলি । স্বাস্থ্যকেন্দ্ৰটি গ্ৰাম্য অঞ্চলসমূহৰ স্বাস্থ্যসেৱা উন্নতি কৰাৰ উদ্দেশ্যে স্থাপিত কৰা হৈছিল । যিহেতু গ্ৰাম্য অঞ্চলসমূহৰ স্বাস্থ্যখণ্ডৰ হৃদপিণ্ড স্বৰূপে উপ স্বাস্থ্যকেন্দ্ৰবোৰক বিবেচিত কৰা হয় । আৰু উপ স্বাস্থ্যকেন্দ্ৰবোৰৰ যোগেদিয়েই গ্ৰাম্য অঞ্চলসমূহত প্ৰসূতি মহিলাৰ পৰা আৰম্ভ কৰি ,পৰিয়াল পৰিকল্পনা , প্ৰাথমিক স্বাস্থ্য পৰীক্ষা , শিশুৰ প্ৰতিষেধক প্ৰদান , আদি কাৰ্য্যসমূহ উপ স্বাস্থ্যকেন্দ্ৰতেই সম্পন্ন কৰা হয় । কিন্তু আজি গৰৈমাৰীৰ স্থানীয় ৰাইজৰ মনত প্ৰশ্ন এটাই উঠিছে যে গৰৈমাৰীকে ধৰি চাৰিখন গাওঁৰ একমাত্ৰ উপ স্বাস্থ্যকেন্দ্ৰটি পাঁচবছৰ পিছতো মুকলি কিয় নহ’ল ? তাত বিভাগীয় কৰ্তৃপক্ষ , চিকিৎসক, নাৰ্ছৰ পৰিৱৰ্তে চাৰিওকাষে কিয় হাবি জংঘলেৰে আৱৰিলে ? বৰ্তমান দেশ তথা ৰাজ্য কৰণাত্ৰাসৰ বাবে এক কঠিন পৰিস্থিতিৰ মাজেৰে চলিব লগীয়া হৈছে । প্ৰতিদিনে মহামাৰী কৰণা আক্ৰান্তৰ সংখ্যা আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাব ধৰিছে । যাৰ বাবে স্বাস্থ্য বিভাগেও বৃদ্ধি কৰিছে কভিড সজাগতা । কিন্তু এনে এটি কঠিন পৰিস্থিতিটো ৰাইজক সজাগ সতৰ্কিত কৰিবলৈ গৰৈমাৰী গাওঁৰ উপ স্বাস্থ্যকেন্দ্ৰটো যেন থাকিও নথকাযেন হবলগীয়া হৈছে । আৰু তাৰ বাবে উপ স্বাস্থ্যকেন্দ্ৰটি অতি সোনকালে মুকলি কৰি কাৰ্য্যক্ষম কৰি তুলিবৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে ।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Delhi New CM Atishi Marlena:আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব আতিশী মাৰ্লেনাই। আতিশী হ’ব দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী
- Jayanta Hazarika: শিল্পী জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন
- Jinki Mili Online Trading:ডিব্ৰুগড় সদৰ থানাত জিংকি মিলি
- Mising Autonomous Council: মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা অবিহনে আন্দোলন অব্যাহত থাকিব
- Smart meters: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ বিক্ষোভ
- Auspicious Bhado Month: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদমহীয়া নামৰ সামৰণি
- AJYCP protests against ONGC: নাজিৰাত ONGCৰ থলুৱাবিৰোধী নীতিৰ বিৰুদ্ধে AJYCPৰ বিক্ষোভ
- Oil and gas drilling in Gibbon Sanctuary: গিবনত তেল-গেছ খননৰ সিদ্ধান্তৰ কঠোৰ বিৰোধিতা আটাছুৰ
- Nagaon District Medicine Dealers’ Association:ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতেই মুহূৰ্তে মুহূৰ্তে ৰং সলনি কৰিছে নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থাই
- Nazira ONGC employee goes to jail:ইনষ্টাগ্ৰামৰ বাগিৰে লজ্জানত কাণ্ড! ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ