উৎপল শইকীয়া
মাদাৰ বৃদ্ধা বাস। মনৰ হিয়াই হিয়াই, কুহে কূহে কুৰুকি যোৱা এটা নাম। খুব কম দিনৰ ভিতৰতে অধিক জনপ্ৰিয় হৈ পৰা এটা নাম। পিতৃ মাতৃ হীন বহু লোকৰ হৃদয়ত কঁপনি তোলাৰু এটা নাম এই বৃদ্ধ আৱাস। বহুতৰে বাবে পাপ পুণ্যৰ তুলাচনি ৰ প্ৰতীক এই বৃদ্ধ আৱাস। বহু নিৰ্দয় প্ৰৌহ সন্তানৰ বাবে আকৌ হৃদয় থানবান কৰা এক অনুষ্ঠান এই বৃদ্ধ আৱাস। বহু লোকৰ পুণ্য অৰ্জনৰ স্থল হল এই আৱাস। বহুতেই জন্ম দিন পাতে এই বৃদ্ধ আৱাস টোত। আন বহুতো লোকে পাতে পিতৃ মাতৃৰ শ্ৰাদ্ধ। বহু হৃদয় বান ব্যক্তিয়ে আহি নিজ মাতৃ সদৃশ এই আবাশি সকলৰ সৈতে এটা দিন পাৰ কৰা স্থান এই বৃদ্ধ আৱাস। স্বাভাৱিক ভাবেই সমাজৰ পুটও প্ৰবন এক শ্ৰেণী লোকৰ বাবে ই এক অতি শ্ৰদ্ধা আৰু মৰমৰ অনুষ্ঠান । এইয়া কেৱল গুৱাহাটী মহানগৰৰ বাবেই নহয়। অসম তথা দেশৰ অন্যান্য প্ৰান্তৰ বহু লোকৰ বুকুৰ কুটুম এই বৃদ্ধ আৱাস টো। সেয়েহে এই আৱাস টো নিৰ্মাণৰ বাবেই হওঁক বা আন সময় ছোৱা তেই হওঁক বহুতে যোগান ধৰে শকত ধনৰ অনুদান। কাৰণ এই বৃদ্ধ মাতৃ সকল যেন সুকলমে থাকে ইয়াত। কিন্তু এই আৱাস টোতেই শেহতীয়া ভাবে ঘূণে ধৰিছে ইয়াৰ প্ৰতিষ্ঠাপক দুই ব্যক্তি উৎপল হৰ্ষবৰ্ধন আৰু মণিকা শৰ্মাৰ অৰীয়া অৰিৰ বাবে। বহু বৃদ্ধ মাতৃযে এই আৱাস এৰি গৈছে আৰু বহুতো মাতৃয়ে এৰি যাব এই আৱাস। যেন কেইদিনমানৰ আগলৈকে সকলোৰে মন মগজুত বিশেষ ভাৱে সোমাই পৰা এক উচ্চ মানৰ অনুষ্ঠান টোত এক কলুষিত ধুৱাই আচন্ন কৰি নিমিষতে ইয়াক লুকুৱাই পেলাব । বিশ্বাস ভংগ হব হৃদয়ৰ।
থান বান হব আশ্ৰম খনৰ প্ৰতি গঢ় লৈ উঠা গণ সচেতনতা। ধ্বংস হব এই বিশেষ ভাৱ মূৰ্তি। সকলোৰে প্ৰশ্ন জাগিব।
কিয় এনে হয়। দুখ কাৰ। উৎপল হৰ্ষবৰ্ধনৰ নে মনিকা শৰ্মাৰ।নে চৰকাৰ, নে পৰিচালনা সমিতিৰ। কিন্তু এটা সময়ত তেওঁলোকৰ কৰ্মৰ বাবে দুয়ো গৰাকী যুৱক যুৱতীক প্ৰসংশাৰে উপচায় পেলোৱা হৈছিল। একে ৰাতিতে তেওঁলোক পৰিণত হৈছিল নায়ক নায়িকা লৈ। সকলোৰে আশীৰ্বাদ পাইছিল এই দুই গৰাকী যুৱক যুৱতীয়ে বৃদ্ধ লোকৰ প্ৰতিপালন ৰ বাবে গ্ৰহণ কৰা এই মহান প্ৰদক্ষেপৰ বাবে। এতিয়া সেই সকল ব্যক্তিৰে মনত প্ৰশ্ন জাগিছে তেওঁলোক বাৰু প্ৰকৃতাৰ্থত সমাজ সেৱক আছিল নে। আজিৰ এই কণ্ডলক ইমান বেছি উচ্চ পৰ্যায়লৈ নিনিয়াকৈও সমাধান কৰিব পৰা নগল হেঁতেন নে। কিহৰ বাবে প্ৰয়োজন আছিল বিষয় টো লৈ ইমান হৈ চৈ কৰাৰ। মোহ ভংগ নহবনে জনসাধাৰণৰ। মানুহে নাভাবিব নে অন্যান্য একাংশ অনুষ্ঠান প্ৰতিষ্ঠানৰ দৰে বৃদ্ধাস্ৰম খোলাৰ পুৰ্বেই আঁচনি গ্ৰহণ কৰিছিল নেকি ব্যৱসায় লৈ পৰ্যবেক্ষিত কৰাৰ। প্ৰশ্ন হব এতিয়া কিদৰে ঘূৰাই আনিব হেৰুৱা ভাৱমূৰ্তি এই মাদাৰ বৃদ্ধ্বাবাসৰ। কোনে কৰিব ইয়াৰ উচিত বিচাৰ। সময় বাৰু বাগৰি গল নে ইয়াক উদ্ধাৰ কৰাৰ।
ৰাইজৰ ধনেৰে স্থাপিত অনুষ্ঠানটো কৰো ব্যক্তিগত সম্পত্তি নহয়। সেয়েহে সময়ুচিত উদ্যোগ গ্ৰহণ কৰা উচিত ৰাইজ, পৰিচালনা সমিতি আৰু চৰকাৰৰ সমাজ কল্যাণ বিভাগে। কাৰণ কোনে জানে কালিলৈ কিজানি আপোনাৰ, মোৰ বাবেই প্ৰয়োজন হব পাৰে এনে এক বৃদ্ধ আৱাস। বৃদ্ধাবাস হিচাপে এই সমস্যা সমাধানত গ্ৰহণ কৰিব লাগিব কপাহ কোমল সতৰ্কতাৰ। কাৰণ এই বৃদ্ধ আবাশীসকল কাৰোবাৰ আইতা, মাতৃ, বাই ভনী। বহু কাহিনী আছে তেওঁলোকৰ জীৱন সংঘাতৰ।এনেই জানো নিজ ঘৰ এৰি থাকিব লাগে বৃদ্ধাবাসত। বহুতো পাষণ পুত্ৰ পুত্ৰী ৰ কথা ভাবি চকুলো টুকি থাকিব পাৰে এই সকল বৃদ্ধ মাতৃয়ে। তেওঁলোকৰ অসহায় জীৱনত প্ৰাণৰ সঞ্চাৰ ঘটাইছিল এই আবাস টোৱে।কথাতে কোৱা হয় নহয়, বয়স হলে বৃদ্ধ আৰু পানী কেঁচুৱা একে হয়। সংবাদ মাধ্যমৰ বিশেষকৈ বৈদ্যুতিক মাধ্যমৰ সাংবাদিক বা আন ব্যক্তি সকলে এই সকল বৃদ্ধ মাতৃৰ খা খবৰ বা বাতৰি গ্ৰহণৰ সময়ত কোভিদ প্ৰতকল ভংগ কৰা উচিত নহয়। কৰণা প্ৰটোকোল মানি বৃদ্ধ আই মাতৃ সকল হয়তো আজি বহু দিন ধৰি বৰ্হি জগতৰ পৰা আঁতৰত থাকি নিজ আবাসতেই আবদ্ধ হৈ আছে আৰু সেই বাবেই তেওঁলোকে ফেছ মাক্স নিপিন্ধিও থাকিব পাৰে। সেয়েহে সাংবাদিক বা অন্যান্য ব্যক্তি সকলে আৱাস টোৰ মাতৃ সকল থকা গৃহৰ ভিতৰত প্ৰবেশ কৰাৰ পৰিবৰ্তে কিছু দূৰত অবস্থান কৰিব লাগিব। এনে কোনো লোকৰ পৰাই যদি কালিলৈ কোনো বৃদ্ধ মাতৃৰ কভিড হয় তাৰ দায়িত্ব লব কোনে। বাতৰি পৰিৱেশনৰ বাবেই একাধিক শাৰীৰিক বা মানসিক সমস্যাত থকা আশি নব্বৈ বছৰীয়া বৃদ্ধ গৰাকীক কোনে কিমান পইচা খাইছে বুলি সুধিলে সেই প্ৰশ্নৰ উত্তৰ জানো তেওঁলোকৰ হাতত থাকে । সুধিব পাৰি আইতা আপুনি কেনে আছে। কিবা অসুবিধা পাইছে নেকি আইতা। আমি ঘৰৰ আই বোপাইক সুধিমনে এই প্ৰশ্ন। প্ৰশ্ন হল সমস্যাটো বাৰু ইমানেই ডাঙৰ নে যে ইয়াৰ বাবে ৰাইজে দান বৰঙণিৰে গঢ়া অনুষ্ঠান এটা ইমান নেতিবাচক হৈ পৰাৰ আশংকা ঘনীভূত কৰিব পাৰে।