শুকুৰবাৰে ৰঙিয়া মাণ্ডলিক ৰেল প্ৰৱন্ধকৰ কাৰ্যালয়ত যোগদান কৰিবলৈ আহি উপস্থিত হয় বহিঃৰাজ্যৰ পৰা অহা ৫১ জনকৈ প্ৰাৰ্থী । যি সময়ত কৰʼণাৰ সংহাৰে সমগ্ৰ দেশত বিভিষিকাৰ সৃষ্টি কৰিছে, ঠিক তেনেসময়তে এই কাল কৰʼণাৰ পূৰ্ণসুযোগ গ্ৰহণ কৰি গোপনে ৰঙিয়াত ৰেল বিভাগত যোগদান কৰিবলৈ উপস্থিত হয় প্ৰায় ৫১ জনকৈ বহিঃৰাজ্যৰ যুৱক। জানিবপৰা মতে শুকুৰবাৰে ৰাতিপুৱাৰ পৰাই ৰঙিয়াস্থিত মাণ্ডলিক ৰেল প্ৰৱন্ধকৰ কাৰ্যালয়ত উক্ত যুৱক কেইজনে ৰৈ থকা প্ৰত্যক্ষ কৰে স্থানীয় ব্যক্তিসকলে । ইয়াৰ পিছতেই ৰঙিয়া আঞ্চলিক ছাত্ৰসন্থাৰ বিষয়ববীয়াসকলে উক্ত খবৰ লাভ কৰি ৰঙিয়াস্থিত ৰেলৱে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ত উপস্থিত হয় আৰুতীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।কোনোপধ্যেই এই নিযুক্তি মানিলোৱা নহয় বুলি হুংকাৰ প্ৰদান কৰে। তাৎপৰ্যপূৰ্ণভাৱে ৰেল বিভাগত প্ৰায়েই অসম বিৰোধী মানসিকতাৰে একাংশ বহিঃৰাজ্যৰ পৰা আহি অসম ৰেল বিভাগত কৰ্মৰত উচ্চপদস্ত বিষয়াৰ হস্তক্ষেপত এইদৰে গোপনে নিযুক্তি প্ৰক্ৰিয়া চলি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ছাত্ৰসন্থাৰ বিষয়ববীয়াসকলে। এই ঘটনা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া যুৱক-যুৱতী সকলৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক বুলিও বিবেচীত হৈছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- যোগিঘোপাৰ পৰা বৰপেটা টাউন আৰু হাজো হৈ আমিনগাঁওলৈ নতুন ৰে’ল লাইন স্থাপনৰ দাবীৰে ৰে’লমন্ত্ৰীক স্মাৰকপত্ৰ অগপৰ দুই সাংসদৰ
- কংগ্ৰেছ ত্যাগ কৰি আপত যোগদান ৰমেন বৰঠাকুৰৰ
- ৰঙিয়াৰ তুলসীবাৰীত ২২ বছৰীয়া যুৱকৰ মৃত্যুত শোক
- কংগ্ৰেছ ত্যাগ কৰি আপত যোগদান ৰমেন বৰঠাকুৰৰ
- নতুন ফৌজদাৰী আইনে সাধাৰণ নাগৰিকক বহু সকাহ দিব : আৰক্ষী আয়ুক্ত দিগন্ত বৰা
- আম আদমি পাৰ্টীত যোগদান কংগ্ৰেছৰ জেষ্ঠ নেতা ৰমেন বৰঠাকুৰৰ…
- জালুকবাৰীত ড্ৰাগছসহ আটক ১
- তথাকথিত ডাঙৰ দলতকৈ বহুত বেছি আক্ৰমণাত্মক প্ৰতি-আক্ৰমণ খেল! অষ্ট্ৰিয়াক পৰাভূত কৰি ইউৰোৰ অন্তিম আঠত তুৰস্ক…
- ৰঙিয়া মহাবিদ্যালয়ত অনলাইন সৃজনীমূলক লেখনী প্রতিযোগিতাৰ আয়োজন
- কোপা আমেৰিকাত কলম্বিয়াৰ বিৰুদ্ধে ড্ৰ খেলি কোৱাৰ্টাৰত ব্ৰাজিল…