চিৰাঙৰ ব্যতিক্ৰমী স্বেচ্ছাসেৱী সংস্থা ” হেল্পিং হেন্ডছ ” ৰ আদৰণীয় পদক্ষেপ

 যিটো সময়ত কৰোনা মহামাৰীয়ে বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰি আহিছে, সেই সময়তেই চিৰাঙৰ বাসুগাঁওস্থিত “হেল্পিং হেন্ডছ ৱেলফেয়াৰ ছোসাইটি ” নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে অবিৰত ভাৱে বিভিন্ন কৰ্মৰ যোগেদি কভিড যোদ্ধা ৰূপে সেৱা আগবঢ়াইআহিছে । উল্লেখযোগ্য যে যোৱা বছৰ কভিড সংক্ৰমণ আৰম্ভ হোৱাৰ পৰাই একাধিক স্থানত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে বিনামুলীয়া মাস্ক, সেনিটাইজাৰ বিতৰণ আদি কাৰ্যই সকলোকে আকৰ্ষণ কৰিছে । ইয়াৰ উপৰিও কভিডৰ দ্বিতীয় সংক্ৰমণৰ সময়ত বাসুগাঁও পৌৰসভাৰ উদ্যোগত সংগঠিত কভিড কেয়াৰ কমিটি খনত সংস্থাটোৰ প্ৰতি গৰাকী সদস্যই অন্তৰ্ভুক্তিকৰণৰ যোগেদি বাসুগাওঁৰ ১৮ৰ পৰা ৪৪ আৰু ৪৫ৰ উৰ্দ্ধৰ ভেকসিনেচন প্ৰক্ৰিয়াটো অতি সুকলমে চলাই লোৱাত আগভাগ লোৱাৰ উপৰিও জনগণৰ মাজত সজাগতা কৰি অহা পৰিলক্ষিত হৈছে।সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ভাৰতীয় ষ্টেট বেংকৰ বাসুগাঁও শাখাৰ সহযোগত অক্সিজেন সেৱা আৰম্ভ কৰি অক্সিজেন চিলিন্ডাৰ সমূহ ৰোগীৰ বাবে অবিৰতভাৱে বিনামূলীয়াকৈ আগবঢ়াই আহিছে সংস্থাটোৱে।


অকল ইয়াতেই সীমিত নাথাকি কিছুদিন পূৰ্বে চৰকাৰী ভাৱে প্ৰকাশিত নিৰ্দেশনা মতে চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত আৰু চক্ৰ বিষয়াৰ অনুমতি আৰু সহযোগ মৰ্মে চিৰাং জিলাৰ চিদলী চক্ৰৰ অন্তৰ্গত সমূহ কণ্টেইনমেন্ট জোন লৈ নিৰ্ধাৰিত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সমূহ অতি নিয়াৰিকৈ যোগান ধৰা কাৰ্যই সংস্থাটোক ৰাইজৰ দৃষ্টিত শলাগৰ পাত্ৰ হিচাপে পৰিগণিত কৰিছে ।বিগত দুটা বছৰত সমাজৰ বিভিন্ন সহায়মূলক কাৰ্যসূচী,যেনে চৰকাৰী কভিড বিধি অনুযায়ী দূৰ্গা পূজাৰ বিসৰ্জন,স্বচ্ছভাৰত অভিযান, হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া দৰিদ্ৰ শিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ প্ৰয়োজনীয় কিতাপ যোগান ধৰা, দৰিদ্ৰ আৰ্তজনলৈ অন্য-বস্ত্ৰ প্ৰদান, বাসুগাওঁ মেধি পাৰাক আদৰ্শ পথ হিচাপে গঢ়ি তোলা আদি কাৰ্যৰ যোগেদি সংস্থাটোয়ে যে এক অনন্য আদৰ্শৰ পথ বুটলি চিৰাং জিলা প্ৰশাসনৰ ফালৰ পৰা যোৱা ২৬ জানুৱাৰী, গণৰাজ্য দিৱসত জিলাখনৰ শ্ৰেষ্ঠ সেচ্ছাসেৱী সংস্থা হিচাপে স্বীকৃতি লাভ কৰিব সক্ষম হৈছে ।

Related Articles