Breaking

কৃষি আৰু গণতন্ত্ৰ ৰক্ষাৰ দাবীত মুকালমুৱাত গণ সংগঠনৰ প্ৰতিবাদ ৷

0 537

সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত বৰক্ষেত্ৰীৰ অন্যান্য গণ সংগঠন সমূহে আজি মুকালমুৱাত কৃষি আৰু গণতন্ত্ৰ ৰক্ষাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ চিটু,কৃষক সভা,এছএফআইকে ধৰি কেবাটাও গণ সংগঠনে যৌথভাৱে নলবাৰীৰ মুকালমুৱাত প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ মুকালমুৱা আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰা সংগঠন সমূহে এটি প্ৰতিবাদী সমদল উলিয়াই ৷ সংগঠন সমূহৰ কৰ্মীসকলে কৃষি বচাওক দেশ বচাওক, গণতন্ত্ৰ ৰক্ষা কৰক, গণতন্ত্ৰ নিধক বিজেপি চৰকাৰ হায়-হায় ইত্যাদি শ্লোগান প্ৰদান কৰি মুকালমুৱাৰ মাজমজিয়াৰে গৈ প্ৰতিবাদী কাৰ্যসুচীটো ৰূপায়ন কৰে ৷ কাৰ্যসুচীত গণ সংগঠন সমূহৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ নেতৃত্ব সকলে অংশগ্ৰহন কৰে ৷

Leave A Reply

Your email address will not be published.