বিশ্বনাথ জিলা কৃষি বিভাগৰ বৃহৎ পদক্ষেপ।বানাক্ৰান্ত কৃষকৰ বাবে ৬০০ বিঘা মাটিত কঠিয়া পৰাৰ শুভাৰম্ভ

বিগত বছৰৰ দৰে এইবাৰো অসম চৰকাৰে বানাক্ৰান্ত কৃষকৰ বাবে আগতীয়াকৈ শালী ধানৰ কঠীয়া সিঁচাৰ ব্যৱস্থা গ্ৰহন কৰিছে। বিশ্বনাথ জিলা কৃষি বিষয়াৰ তত্বাবধানত তথা গহপুৰ মহকুমা কৃষি বিভাগ আৰু স্থানীয় বিধায়কৰ সহযোগত  গহপুৰ মহকুমাত প্ৰায় ৬০০ বিঘা মাটিত আগতীয়াকৈ কঠীয়া সিঁচাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।সেই উপলক্ষ্য আজি পুৱা ১০-৩০ বজাত  গহপুৰৰ দক্ষিন কলাবাৰীৰ কুঁহিলাগুৰিত কঠিয়া সিঁচাৰ শুভাৰাম্ভ কৰে গহপুৰৰ বিধায়ক উৎপল বৰাই।অনুষ্ঠানটো আঁত ধৰি বিশ্বনাথ জিলা কৃষি বিষয়া বিজয় দত্তই কয় যেএই অঞ্চলৰ উদীয়মান যুৱক সকলে ৫০ বিঘা মাটিত বানাক্ৰান্ত কৃষকৰ বাবে আগতীয়াকৈ শালি ধানৰ কঠিয়া সিঁচিবলৈ ওলাই অহাটো আদৰনীয়।অসম চৰকাৰৰ কৃষি বিভাগে গহপুৰ মহকুমাৰ  বাবে ডি এম-এচ অ পি ডি আৰু আৰ কে ভি আঁচনিত জৰিয়তে উন্নত প্ৰজাতিৰ বাহাদুৰ -১ আৰু বিনা-১ ধানৰ কঠিয়া ৩০০ কুইন্টল প্ৰদান কৰিছে।গহপুৰৰ বানাক্ৰান্ত ৰাইজক এই কঠিয়াই সকাহ দিব।’ কঠীয়া সিঁচা শুভাৰাম্ভ কৰি স্থানীয় বিধায়ক উৎপল বৰাই ডিলাপখৰা যুৱক সংঘৰ সদস্য সকলৰ কৰ্ম প্ৰেৰণাক শলাগ জনায় কয় যে গহপুৰৰ  প্ৰায় ৫০ শতাংশ কৃষি ভূমিয়েই দ’ মাটি ।প্ৰতিটো বাৰিষাতে বানপানীয়ে কৃষক সকলৰ নিজাববীয়াকৈ পৰা কঠিয়া নষ্ট কৰাৰ ফলত দ’ অঞ্চলৰ কৃষক সকলে হাহাকাৰ কৰিব লগা হয়।বহু মাটি উপায়ন্ত হৈ ছনে ৰাখিব লগা হয়।বিগত কেইবছৰৰ পৰা আমাৰ চৰকাৰে কৃষক সকলৰ সমস্যাৰ কথা চিন্তা কৰি কমিউনিটি নাৰ্চাৰীৰ জৰিয়তে কঠিয়া সিঁচি কৃষক সকলক প্ৰদাণ কৰি অহাত কৃষক সকল উপকৃত হৈ আহিছে।লগতে কঠিয়া সিঁচাৰ বাবদ যুৱক তথা কৃষক সকলকো কৃষি বিভাগে খৰচৰ ধন দি আহিছে।এইবাৰো শীঘ্ৰ এই ধন ৰাশি মুকলি কৰি দিব ।অনুষ্ঠানটোত গহপুৰ মহকুমা  কৃষি বিভাগৰ কলাবীৰৰ কৃষি সম্প্ৰসাৰন বিষয়া সত্যনাথ ডেকা কৃষি সম্প্ৰসাৰন কৰ্মী মহেন্দ্ৰ শইকীয়া নাগৰ দলে সমাজকৰ্মী নোমল বৰুৱা শৎ শইকীয়া যুৱক সংঘৰ সভাপতি সমুজ্বল দলে সম্পাদক নিৰন ছেত্ৰী জিলা পৰিষদৰ সদস্য লক্ষ্য মিলি আদি উপস্থিত থাকে।ইপিনে আজি মহকুমাটোৰ হেলেম ৰাজহ চক্ৰৰ অৰ্ন্তগত আমতলাটো প্ৰায় ২৫ বিঘা মাটিত কমিউনিটি নাৰ্চাৰীৰ জৰিয়তে জিলা কৃষি বিষয়াৰ উপস্থিতিত কৃষি বিভাগে প্ৰদান কৰা কঠীয়া সিঁচাৰ শুভাৰাম্ভ কৰে বিধায়ক উৎপল বৰাই।

Related Articles