Breaking

মাৰ্ঘেৰিটাত আৰম্ভ হল বিধান সভা নিৰ্বাচনৰ কোচ কাৱাজ ৷ বিধায়ক ভাস্কৰ শৰ্মা বনাম লক্ষ্য কোৱৰ কোনে লাভ কৰিব প্ৰাৰ্থিত্ব ৷ দুই ফৈদৰ মাজত আৰম্ভ হল প্ৰাৰ্থিত্বকেন্দ্ৰীক সংঘাত ৷

0 98

তিনিচুকীয়াঃ

কৰোনাৰ আতংকৰ মাজতেই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বলিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনৰ গৰম বতাহ৷ কিয়নো ২০২১ৰ বিধান সভাৰ নিৰ্বাচনলৈ আৰু বেচি দিন নাই৷ সেয়েহে কিছুদিনৰ পৰা সমষ্টিটোত নিৰ্বাচনৰ গৰম বতাহ বলিবলৈ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে৷ বৰ্তমানে বিজেপিৰ দখলত থকা সমষ্টিটো পূৰ্বে কংগ্ৰেছৰ বাবে দুৰ্গস্বৰূপ আছিল, যদিও ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছে মুখ থেকেচা খাবলগীয়া হয়৷ ইয়াৰ পিছতে একপ্ৰকাৰে ককাল ভাঙি পৰা কংগ্ৰেছৰ অস্তিত্ব সমষ্টিটোত বৰ্তমানে শূণ্য বুলিয়েই কব পাৰি৷ ২০১৬ চনৰ নিৰ্বাচনতে কংগ্ৰেছে মুখ ঠেকেচা খোৱাৰ পিছতে আজিও গা কৰি উঠিব নোৱাৰিলে৷ এটা বছৰৰ পিছতেই ২০২১ চনত ৰাজ্যত পুনৰ আৰম্ভ হব বিধান সভাৰ নিৰ্বাচন৷ তেনে সময়তো  সমষ্টিটোত কংগ্ৰেছৰ কোনো সাৰ সুৰ নথকাৰ বিপৰীতে শাসকীয় দল বিজেপিৰ ভিতৰ চৰাত বৰ্তমানে গা কৰি উঠিছে প্ৰাৰ্থিত্বকেন্দ্ৰীক সংঘাত৷ বিগত নিৰ্বাচনত কেইবাজনো প্ৰাথিত্ব প্ৰত্যাক্ষীৰ মাজত বিধায়ক ভাস্কৰ শৰ্মাই প্ৰাথিত্ব লাভ কৰি বিজয়ী হৈছিল যদিও আগন্তুক বিধান সভা নিৰ্বাচন ভাস্কৰ শৰ্মাৰ বাবে হব প্ৰত্যাহ্বান৷ কিয়নো এইবাৰ সমষ্টিটোত দলীয় প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ হৈছে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব লক্ষ্য কোৱৰ৷ ছাত্ৰ অৱস্থাৰ পৰাই নেতৃত্বকামী মনোভাৱৰ লক্ষ্য কোৱৰ আছিল তাই আহোম ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সম্পাদক৷ নিজৰ একাগ্ৰতা আৰু নেতৃত্ব সুলভ চৰিত্ৰৰ বাবেই লক্ষ্য কোৱৰে আটাছুৰ গুৱাহাটী মহানগৰ সমিতিৰ প্ৰচাৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ পিছতে কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদকৰূপে মনোনিত হৈছিল৷ পৰবৰ্তী সময়ত তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ আসন অলংকৃত কৰিবলৈও সক্ষম হৈছিল লক্ষ্য কোৱৰ৷ ছাত্ৰ সংগঠন কৰি থাকোতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সানিধ্যলৈ অহা লক্ষ্য কোৱৰে স্বয়ং সৰ্বানন্দ সোনোৱালৰ ওচৰত ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি বৰ্তমানে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সদস্য সচিৱ হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে৷ ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত লক্ষ্য কোৱৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপিৰ অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল যদিও প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম নহল৷ ৰাজনৈতিক ক্ষেত্ৰখনত আগুৱাই যোৱাৰ লক্ষ্যৰে ৰাজনীতিত যোগদান কৰা লক্ষ্য কোৱৰ এইবাৰ হব মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপিৰ অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ৷ ইতিমধ্যে বিধায়ক ভাস্কৰ শৰ্মাক প্ৰত্যাহ্বান জনাই লক্ষ্য কোৱৰে সমষ্টিটোত আৰম্ভ কৰিছে নিৰ্বাচনৰ কোচ- কাৱাজ৷ এই ক্ষেত্ৰত ৰঙালী বিহুৰ পিছৰে পৰা সমষ্টিটোত লক্ষ্য কোৱৰৰ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে৷ যোৱা ১৪ মেত সমষ্টিটোৰ অন্তৰ্গত লেখাপানী জাগুনত অকস্মাতে উপস্থিত হৈ লক্ষ্য কোৱৰে চলিত বৰ্ষত বিদ্যুত পৃষ্ঠ হৈ, হাতীৰ আক্ৰমনত তথা পানীত ডুবি আকস্মিকভাবে মৃত্যু বৰণ কৰা কেইবাটাও পৰিয়ালৰ মাজত উপস্থিত হৈ পৰিয়ালবৰ্গৰ দুখত সমভাগী হোৱাৰ লগতে ব্যক্তিগতভাবে পৰিয়ালসমূহক আৰ্থিক সাহাৰ্যও প্ৰদান কৰাও দেখিবলৈ পোৱা গল৷ অকস্মাতে লক্ষ্য কোৱৰৰ এনে তৎপৰতা দেখি সচকিত হৈ পৰে বিধায়ক ভাস্কৰ শৰ্মা সহ আন এক বিজেপি লবী৷ ইয়াৰ দুদিন পিছতেই উক্ত পৰিয়ালসমূহৰত মাজত উপস্থিত হৈ বিধায়ক ভাস্কৰ শৰ্মায়ো সমবেদনা জনোৱা দেখিবলৈ পোৱা গল৷ এই ঘটনাই লক্ষ্য কোৱৰ আৰু বিধায়ক ভাস্কৰ শৰ্মাৰ মাজত যে ৰাজনৈতিক শীতল যুদ্ধ আৰম্ভ হৈছে, এই কথা স্পষ্ট কৰি তুলিলে৷ আনফালে লক্ষ্য কোৱৰে ইয়াতেই ক্ষান্ত নাথাকি বুঢ়িদিহিং মৌজাতো নিজৰ স্থিতি সবল কৰিবৰ বাবে বিভিন্নজনৰ লগত সাংগঠনিক ক্ষেত্ৰত আলোচনা বিলোচনা কৰি বিশেষভাবে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ লক্ষ্য কোৱৰৰ লবীত সমষ্টিটোৰ বহুকেইগৰাকী বচা বচা বিজেপি নেতা, ব্যৱসায়ীয়ে যোগ দিয়াৰ কথাও জানিব পৰা গৈছে৷ মুঠতে কৰোনাৰ আতংক চলি থকাৰ মাজতেই সমষ্টিটোত নিজৰ ভেটি মজবুত কৰিবলৈ উঠি পৰি লাগিছে লক্ষ্য কোৱৰ৷ লক্ষ্য কোৱৰে ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পৰাও সেউজ  সংকেট লাভ কৰাৰ কথা নিৰ্ভৰযোগ্য সূত্ৰে জানিব পৰা গৈছে৷ এতিয়া লক্ষ্য কোৱৰৰ তৎপৰতা দেখি বিধায়কৰ লবীত ব্যাপক ধুমুহাৰ সৃষ্টি হৈছে৷ বিধায়ক ভাস্কৰ শৰ্মায়ো সম্প্ৰতি লক্ষ্য কোৱৰৰ সমানেই তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ যি কি নহওক ২০২১ ত হবলগীয়া বিধানসভা নিৰ্বাচনৰ যুজখন যে মাৰ্ঘেৰিটা সমষ্টিত আকৰ্ষনীয় হব তাত কোনো সন্দেহ নাই৷ লক্ষ্য কোৱৰে প্ৰাৰ্থিত্ব লাভ কৰক বা নকৰক আগন্তুক নিৰ্বাচন বিধায়ক ভাস্কৰ শৰ্মাৰ বাবে যে হব ভীষন প্ৰত্যাহ্বান সেয়া খাটাং৷

Leave A Reply

Your email address will not be published.