আৰিমাৰী গাওঁ পঞ্চায়তত আচনিৰ নামত চলিছে ব্যাপক লুণ্ঠন : পৰিদৰ্শন নকৰাকৈয়ে বিভাগীয় কৰ্তৃপক্ষই মোকলাই দিয়ে লাখ লাখ টকা

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চলিছে ব্যাপক দুৰ্নীতি । উন্নয়ন খণ্ডৰ  একাংশ চৰকাৰী বিষয়া/কৰ্মচাৰীৰ সহযোগত জনপ্ৰতীনিধিয়ে লিপ্ত হৈছে  ব্যাপক দুৰ্নীতি অনিয়মত । এটাৰ পিছত আন এটা দুৰ্নীতি অনিয়মৰ তথ্য পোহৰলৈ আহিছে  দৰঙৰ দলগাওঁ শিয়ালমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ আৰিমাৰী গাওঁ পঞ্চায়তত । গাওঁ পঞ্চায়তৰ দায়িত্বত থকা এক্ৰিকেটেড ইঞ্জিনীয়াৰৰ উপস্থিতিত চলিছে এই লুণ্ঠন । অভিযোগ অনুযায়ী দলগাও শিয়ালমাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত আৰিমাৰী গাওঁ পঞ্চায়তৰ 2020-21 বৰ্ষৰ Earthen Bundh From Badli Bairali Pub Chuba LP School to Iman Ali House লৈ যোৱা পথটোত বিভাগীয় কৰ্তৃপক্ষই ৮,৭৩,১৬৬/ টকা আবন্টন দিয়ে যদিও উক্ত আচনি চৰকাৰী প্ৰাক:কলনক বুঢ়া আঙুলি দেখুৱাই চলাই আছে পথ নিৰ্মাণ কাৰ্য। উক্ত আচনিত সংঘটিত হোৱা ব্যাপক অনিয়ম সন্দৰ্ভত দলগাও শিয়ালমাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আৰিমাৰী গাওঁৰ এজন সচেতন ব্যক্তিয়ে অভিযোগ দিয়াৰ পাচতো গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ।আনহাতে উক্ত আচনিৰ কামত জব কাৰ্ড শ্ৰমিকৰ পৰিবৰ্তে জেচিবিৰ জড়িয়তে কাম সম্পূৰ্ণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।আনহাতে ৰূপায়ন হোৱা উক্ত পথৰ দুয়ো কাষে  দৰিদ্ৰ কৃষকৰ জলকীয়া আৰু মৰাপাটৰ খেতি নষ্ট কৰি ভুমিখিনিত  জেচিবিৰ জড়িয়তে প্ৰকাণ্ড প্ৰকাণ্ড গাত খান্দি চলাই আছে পথৰ নিৰ্মাণ কাৰ্য্য। উক্ত কামত বাধা দিয়া সত্বেও এক্ৰিকেটেড ইঞ্জিনীয়াৰৰ উপস্থিতিত বলপূৰ্বক ভাৱে চলাই আছে নিৰ্মাণ কাৰ্য্য। আনহাতে গাওঁ পঞ্চায়তখনত এমজিএনৰেগাৰ পৰা আদি কৰি চতুৰ্দশ,পঞ্চদশ আদি আচনিত ১/২ নং বৰোৱাঝাৰ গাওঁ পঞ্চায়ত,শিলবৰী গাওঁ পঞ্চায়ত, কৌপাটি গাওঁ পঞ্চায়ত, ফকীৰপাৰা গাওঁ পঞ্চায়ত, গলন্দি গাওঁ পঞ্চায়ত,বাহাবাৰী গাওঁ পঞ্চায়ত,আৰিমাৰী গাওঁ পঞ্চায়ত আৰু শ্যামপুৰ গাওঁ পঞ্চায়তত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । বিভাগীয় কৰ্তৃপক্ষই উক্ত গাওঁ পঞ্চায়ত কেইখনত পথ নিৰ্মাণৰ নামত লাখ লাখ টকা আবন্টন দিছে যদিও উক্ত কাম সমুহ চৰকাৰী প্ৰাক:কলনক জলাঞ্জলি দি ৰূপায়ণ কৰাৰ অভিযোগ । তাৎপৰ্যপূৰ্ণ কথা হল গাওঁ পঞ্চায়ত কেইখনত ৰূপায়িত হোৱা আচনি সমুহ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ কোনো এজন বিষয়াই পৰ্যবেক্ষণ নকৰাকৈয়ে আচনিৰ ধন মুকলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে। গাওঁ পঞ্চায়ত কেইখনত চলি থকা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজে।

Related Articles