গুৱাহাটীত অধিক কঠোৰ হ’ব আৰক্ষী।
সান্ধ্য আইন চলি থকা সময়ত যিসকলে সান্ধ্য ভ্ৰমণ কৰিবলৈ ওলাই আহে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ’ব জিলা প্ৰশাসন।
কঠোৰ হ’ব সান্ধ্য আইনৰ নিয়ম৷
সান্ধ্য আইনৰ সময়ত বাহিৰলৈ ওলালে হ’ব শাস্তি৷
খোজকঢ়া, চাইকেল চলোৱাৰ অজুহাতত ওলালেও পাব শাস্তি৷
গুৱাহাটীত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷
গুৱাহাটীৰ ক’ভিডৰ শেহতীয়া পৰিস্থিতিক লৈ চিন্তিত স্বাস্থ্য বিভাগ৷
গুৱাহাটীবাসীক ক’ভিড বিধি মানিবলৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ আহ্বান৷
ৰাজ্যৰ বিভিন্ন জিলাত সম্পূৰ্ণ লকডাউন জাৰী কৰিলেও মহানগৰীত হোৱা সংক্ৰমণৰ বাবে চিন্তিত স্বাস্থ্য বিভাগ৷
যাৰ বাবে গ্ৰহণ কৰিব পাৰে বিশেষ পদক্ষেপ৷