Breaking

বাগিছাৰ বাসিন্দাৰ বিদ্যুৎ বিলৰ নামত লুণ্ঠন বন্ধ কৰাৰ দাবী ” আদিবাসী ছাত্র সন্থা “ৰ ।

0 44

দিলীপ হাজৰিকা : নাজিৰা :

নাজিৰা ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত লিগিৰী পুখুৰী চাহ বাগিছাৰ শ্ৰমিক আবাসী সকলৰ বাসগৃহত সংযুক্ত বিদ্যুৎ সংযোগৰ বিপৰীতে নিৰ্দিষ্ট বিদ্যুতৰ বিল আবাসী সকলে নোপোৱাৰ অভিযোগ উত্থাপন হৈছে । বিপৰীতে বাগিচা কৰ্তৃপক্ষই নিজা খেয়াল-খুচীমতে শ্ৰমিক আবাসী সকলৰ বিদ্যুৎ মাছুল বৃদ্ধি ঘটাই অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডক পৰিশোধ কৰি অহাৰ সমান্তৰালভাৱে শ্ৰমিকৰ শোষণ-নিষ্পেষণৰ অভিযোগৰ বৰ্ণনা সহ এক স্মাৰক পত্ৰ সংশ্লিষ্ট বিদ্যুৎ বিতৰণ কোম্পানীলৈ প্ৰেৰণ কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নাজিৰা আঞ্চলিক সমিতিয়ে।  সভাপতি ৰাজীৱ মিৰ্দ্ধা আৰু সম্পাদক বিতুল কুৰ্মীৰ স্বাক্ষৰত প্ৰেৰিত এই স্মাৰক পত্ৰ  নাজিৰাৰ মহকুমাধিপতিৰ হাতত প্ৰদান কৰা হয় । অসম শক্তি বিতৰণ কোম্পানীক সংগঠনটোৱে জনাবলৈ বিচৰা  মতে বাগিচা কৰ্তৃপক্ষই প্ৰদান কৰা বিদ্যুৎ শ্ৰমিকসকলে গ্ৰহণ কৰিবলৈ অনিচ্ছুক । সেয়ে বিদ্যুৎ বিতৰণ কোম্পানীয়ে পোণপটীয়াকৈ সংযোগ দি শ্ৰমিকৰপৰা পোণপটীয়াকৈ বিলৰ ধন গ্ৰহণ কৰিব লাগে । ইয়াৰ অন্যথা বাগিচা কৰ্তৃপক্ষই ঘটাই ৰখা বিদ্যুৎ যোগান শ্ৰমিকে গ্ৰহণ নকৰি সংযোগ কৰ্ত্তন কৰিব বুলিও স্মাৰক পত্ৰত উল্লেখ কৰে । 

Leave A Reply

Your email address will not be published.