Breaking

লংকাত পুনৰ এজনৰ দেহত ধৰা পৰিছে ক’ৰণা পজিটিভ ।

0 105

লংকা,

যোৱা ২৮ মে’ত লংকাৰ ফাতেমা হোটেলত প্ৰথমবাৰৰ বাবে চাৰি গৰাকী যুৱকৰ দেহত কৰ’ণা পজিটিভ ধৰা পৰাৰ পিছত আজি পুনৰ  লংকাত আন এজন ব্যক্তিৰ দেহত ক’ৰণা পজিটিভ ধৰা পৰাত সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যই বিৰাজ কৰিছে।কৰ’নাত আক্ৰান্ত যুৱকজনৰ নাম বদৰুল আলম (২৩) আৰু তেওঁৰ ঘৰ লংকাৰ উদালীত বুলি জানিব পৰা গৈছে। সাত দিন পূৰ্বে মুম্বাইত কৰ্মৰত যুৱকজন শ্ৰমিক ৰেলযোগে লামডিংত  উপস্থিত হোৱাৰ পিছত স্বাস্থ্য পৰীক্ষা কৰি  যুৱকজনক লংকাৰ ক্লাচিক হোটেলত  থকা কোৱাৰেণ্টাইন কেন্দ্ৰত  ৰখা হৈছিল। আজি সাতদিনৰ অন্তত লংকাৰ বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত থকা বহুকেইজন লোকৰ সৈতে বদৰুলকো নিজ ঘৰ উদালীলৈ যাব দিয়া হৈছিল। কিন্তু কিছু সময়ৰ পিছতেই বদৰুলৰ কৰ’না পৰীক্ষাত পজিটিভ অহাত বাছৰে গৈ থকা অৱস্থাত, লংকাৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ৰঞ্জু ৰাজখোৱাৰ তৎপৰতাত ততাতৈয়াকৈ লংকাৰ ফৰেষ্ট গেটত গাড়ী ৰখাই যুৱকজনক গাড়ীৰ পৰা নমাই আন এখন গাড়ীৰে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কৰ’না পৰীক্ষাৰ সঠিক ফলাফল অহাৰ আগতেই কোৱাৰন্টাইন হৈ থকা লোকক এনেদৰে কেন্দ্ৰৰ পৰা ঘৰলৈ পঠিওৱা ঘটনাক কেন্দ্র কৰি অঞ্চলটোৰ সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে।

Leave A Reply

Your email address will not be published.