Breaking

দৰং জিলাৰ প্ৰবেশ পথত বহিঃৰাজ্যৰ পৰা অহা লোকৰ স্বাস্থ্য পৰীক্ষা আৰু শ্লেষৰ নমুনা সংগ্ৰহ কেন্দ্ৰ স্থাপন ।

0 81

মঙলদৈ,

বহি:ৰাজ্যৰ পৰা দৰঙত প্ৰৱেশ কৰা লোকৰ স্বাস্থ্য পৰীক্ষা আৰু শ্লেষৰ নমুনা সংগ্ৰহৰ কৰাৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত দুমুনিচকীত ৩ টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ পূৰ্বতে দুমুনিচকী ৰাজ্যিক চিকিৎসালয়ত ৩ টা কেন্দ্ৰ আছিল যদিও তাত কেৱল স্বাস্থ্য পৰীক্ষাহে কৰোৱা হৈছিল। এতিয়াৰে পৰা এই কেন্দ্ৰটোত বহি:ৰাজ্যৰ পৰা অহা লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে শ্লেষৰ নমুনাও সংগ্ৰহ কৰা হ’ব। তাৰ পিছত এই লোকসকলক জিলাখনৰ বিভিন্ন ঠাইত থকা কোৱাৰেণ্টাইন চেণ্টাৰত পঠিওৱা হ’ব। পূৰ্বতে কোৱাৰেণ্টাইন চেণ্টাৰত গৈ শ্লেষৰ নমুনা সংগ্ৰহ কৰিছিল লেবৰেটৰী টেকনিচিয়ানে। দুমুনিচকীৰ কেন্দ্ৰটো মঙলবাৰে দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰে ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। এই অনুষ্ঠানত আৰক্ষী অধীক্ষক অমৃত ভূঞা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন মালাকাৰ, উপ আৰক্ষী অধীক্ষক, চক্ৰ বিষয়া, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক  ডাঃ ৰূপলাল নুণিচা তথা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে । কেন্দ্ৰটো মুকলি কৰি বিধায়ক বিনন্দ কুমাৰ শইকীয়াই বহি:ৰাজ্যৰ পৰা অহা সকলোলোকৰেই   যাতে সঠিকভাৱে স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু শ্লেষৰ নমুনাও সংগ্ৰহ কৰা হয় সেই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ স্বাস্থ্য কৰ্মী আৰু আৰক্ষী প্ৰশাসনৰ লোকসকলক আহ্বান জনায় । জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই জিলাখনৰ প্ৰৱেশ দ্বাৰত স্হাপন কৰা এই পৰীক্ষা কেন্দ্ৰটো ক’ভিড নিয়ন্ত্ৰণত যথেষ্ঠ সহায়ক হ’ব বুলি মন্তব্য কৰে । উল্লেখযোগ্য যে বহি:ৰাজ্যৰ পৰা অহা লোকৰ পৰীক্ষা আৰু শ্লেষৰ নমুনা সংগ্ৰহ কৰাৰ বাবে স্হাপন কৰা এই কেন্দ্ৰটোত ২৪ ঘন্টাই কাম কৰিব পৰাকৈ স্বাস্থ্যকৰ্মী নিয়োজিত কৰা হৈছে ।

Leave A Reply

Your email address will not be published.