Breaking

কৃত্ৰিম বন্যাৰ কবলত গোটেই কৰিমগঞ্জ চহৰ।

0 76

ৰাহুল পাল, কৰিমগঞ্জ

ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ অৱনতি হৈছে। বাদ পৰা নাই কৰিমগঞ্জতো। কিন্তু কৰিমগঞ্জত বানপানী হৈছে পৌৰসভাৰ ব্যৰ্থতাৰ ফলত। এজাক বৰষুণৰ ফলত কৃত্ৰিম বন্যাৰ কবলত গোটেই কৰিমগঞ্জ চহৰ। চহৰৰ মিছন ৰোড, মেইন ৰোড আদিকে ধৰি চহৰৰ বিভিন্ন পথ বাট বৰ্তমান পানীৰ তলত। ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গোটেই কৰিমগঞ্জ চহৰত ৷ চহৰৰ স্থানীয় লোক সকলে কৰিমগঞ্জ পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। কৰিমগঞ্জ পৌৰসভাৰ ব্যর্থতাৰ ফলত এনেদৰে দূৰ্ভোগ ভুগিবলগা হৈছে গোটেই চহৰৰ লোকসকল। পৌৰসভাই যদি সময়ৰ কাম সময়মতে কৰিলেহেঁতেন তেনেহলে কৰিমগঞ্জ চহৰৰ আজি এনে অবস্থা নহেলহেঁতেন। পিছে কেতিয়া কৰিমগঞ্জ চহৰৰ লোকৰ দুৰ্দশা অন্ত পৰিব এয়া ৰজাঘৰীয়াইয়ে কব পাৰিব।

Leave A Reply

Your email address will not be published.