Breaking

ধুমুহাত নাজিৰা মহকুমাৰ প্ৰান্তে প্ৰান্তে ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতি ।

0 117

দিলীপ হাজৰিকা : নাজিৰা

আজি বিয়লি প্ৰায় ৩-৪৫ বজাত নাজিৰাৰ ওপৰৰে যোৱা এজাক প্ৰচণ্ড ধুমুহাই মহকুমাটোৰ প্ৰান্তে প্ৰান্তে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ, গছ-গছনি ভাঙি বিস্তৰ ক্ষতিসাধন কৰে। নাজিৰা নগৰৰ সমীপৰ বৰবৰুৱা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ডৰ ৰাতুল বৰগোহাঁই, ৰহদৈ গাওঁ পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ অমৃত বৰগোঁহাইৰ ঘৰ সম্পূৰ্ণ কৈ ভাঙি পেলোৱাৰ উপৰি বিভিন্ন প্ৰান্তৰ বহু পৰিয়ালৰ ঘৰৰ টিংপাত এৰোৱাই নি বহু দূৰৈত পেলায়। তাৰোপৰি প্ৰান্তে প্ৰান্তে সৰু ডাঙৰ গছ-গছনি ভাঙি উঘালি যান-বাহন আৰু বৈদ্যুতিক টাৰত পৰাত বিস্তৰ ক্ষতিসাধন হয় । ইফালে মহকুমাটোৰ বিভিন্ন প্ৰান্তৰ বিদ্যুৎ সৰবৰাহ বন্ধ হৈ পৰিছে। এই ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল সমূহৰ ক্ষয় – ক্ষতিৰ বুজলৈ তৎকালে সহায় তথা চৰকাৰী আচনি অনুসৰি সহায়ৰ হাত আগবঢ়াবলৈ নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মহকুমা প্ৰশাসনক অনুৰোধ জনাইছে । আনহাতে মহকুমা প্ৰশাসন তথা ৰাজহ চক্ৰ বিভাগৰ তৰফৰ পৰা ক্ষতিসাধন হোৱা পৰিয়ালসমূহৰ ক্ষয় – ক্ষতিৰ বুজ লোৱা বুলি জানিব পৰা গৈছে ।

Leave A Reply

Your email address will not be published.