Breaking

গোলাঘাট জিলা প্ৰশাসনে ছীল কৰিলে কেইবাখনো ব্যৱসায়ী প্ৰতিষ্ঠান

0 1,270

গোলাঘাট নগৰৰ চ’ক বজাৰত আজি ক’ভিড নীতি-নিয়ম ভংগ কৰি খুলি ৰখা কেইবাখনো ইলেক্ট্ৰনিকচ ষ্ট’ৰ ছীল কৰিবলৈ বাধ্য হয় গোলাঘাট জিলা প্ৰশাসন। অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যৱসায়ী প্ৰতিষ্ঠানক ৰেহাই দি আন সকলো ধৰণৰ ব্যৱসায়ী প্ৰতিষ্ঠান খোলাত চৰকাৰৰ নিষেধাজ্ঞা থকাৰ পাছতো নীতি বহিৰ্ভূত ভাৱে নগৰখনৰ এইকেইখন ব্যৱসায়ী প্ৰতিষ্ঠান খুলি ৰাখে। সেয়েহে উক্ত স্থানত যাতে জনসমাগৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে তৎকালীনভাৱে ব্যৱসায়ী প্ৰতিষ্ঠান কেইখন ছীল কৰে।

Leave A Reply

Your email address will not be published.