Breaking

খৈৰাবাৰী ষ্টেচনত ট্ৰেইন নৰখোৱাকলৈ অসন্তুষ্ট ৰাইজ

0 1,068

ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত খৈৰাবাৰী ষ্টেচনত প্ৰায় এক বছৰ ধৰি ট্ৰেইন নৰখোৱাকলৈ অসন্তুষ্ট হৈ পৰিছে বৃহত্তৰ খৈৰাবাৰী অঞ্চলৰ বিভিন্ন দল সংগঠনৰ লগতে ব্যৱসায়ী আৰু স্হানীয় ৰাইজ।
খৈৰাবাৰী ষ্টেচনৰ দৈনিক শ শ লোক আহ যাহ কৰে আনফালে খৈৰাবাৰী ব্যৱসায়ীক প্ৰধান অঞ্চল হোৱা বাবে ব্যৱসায়ীক লোক সকল অকল ট্ৰেইনৰ যাতায়তৰ অসুবিধাৰ বাবেই লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। বিটিচি নিৰ্বাচন আৰু বিধানসভাৰ নিৰ্বাচনৰ সময়ত ৰাইজৰ মাজত ভোট ভিক্ষা কৰিবলৈ আহি অসমৰ বিভিন্ন নেটা মন্ত্ৰীয়ে খৈৰাবাৰী ষ্টেচনত ট্ৰেইন ৰখাব বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতিৰ বন্যা বোবাইছিল যদিও আজিলৈকে নিয়মীয়াকৈ খৈৰাবাৰী ষ্টেচনত ট্ৰেইন নৰখালে।সেয়ে অসন্তুষ্ট খৈৰাবাৰীৰ ৰাইজে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে। 
ৰবিবাৰে খৈৰাবাৰী ব্যৱসায়ীক সন্থাৰ সাধাৰণ সম্পাদক বাপী সৰকাৰ আৰু স্হানীয় ছাত্ৰ নেতা মাধৱ মন্দলকে ধৰি খৈৰাবাৰীৰ কেইবাজনো জ্যেষ্ঠ নাগৰিক লগ হৈ সংবাদ মাধ্যমৰ আগত চৰকাৰ আৰু ৰে’ল বিভাগক অতি কম সময়ৰ ভিতৰতে খৈৰাবাৰী ষ্টেচনত ট্ৰেইন ৰখোৱাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাই আৰু পোন্ধৰ দিনৰ ভিতৰত খৈৰাবাৰীত ট্ৰেইন নৰখালে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.