বৃটিছৰ গুলীত মৃত্যুবৰণ কৰা ঢেকিয়াজুলিৰ শ্বহীদ দয়াল দাস পানীকাৰ নামত অসম চৰকাৰে আদিবাসী সকলৰ বাবে ঘোষনা কৰা স্বনিয়োজন আচঁনিৰ ধন আজিও নাপালে ওদালগুৰি জিলাৰ যুবক যুবতী সকলে । উল্লেখযোগ্য যে ঢেকিয়াজুলিত বৃটিছৰ গুলীত প্ৰানহুতি দিয়া শ্বহীদ গৰাকীৰ নামত অসম চৰকাৰে প্ৰতি বছৰে ২৫ হাজাৰকৈ টকা শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক আগবঢ়াই আহিছে ।কিন্তু এই স্বনিয়োজনৰ এককালীন সাহাৰ্য্য আজিও পাবলৈ সক্ষম নহল ওদালগুৰি জিলাৰ যুবক যুবতী সকলে । অক্টোবৰ মাহতে এই স্বনিয়োজন আচঁনিৰ বাবে শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলৰ পৰা আবেন গ্ৰহণ কৰা হৈছিল ।সেই অনুসৰি ওদালগুৰি জিলাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলেও অনলাইনযোগে প্ৰ-পএ জমা দিছিল । জানিব পৰা মতে ৰাজ্যখনৰ বিভিন্ন জিলাৰ এই স্বনিয়োজনৰ আচঁনৰ বাচনি তালিকা খন প্ৰকাশ পোৱাৰ লগতে বিটিএডিৰ অইন তিনিখন জিলাতো বাচনি তালিকা খন প্ৰকাশ পোৱাৰ লগতে দয়াল দাস পানীকা স্বনিয়োজন আচঁনিৰ ধন পাবলৈ সক্ষম হৈছে ।কিন্তু ওদালগুৰি জিলাত এই ধন শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলে পোৱাটো দূৰৈৰ কথা তালিকা খনে আজিলৈকে প্ৰকাশ নহল ।তদুপৰি আচঁনি খনৰ নামত ঘোষনা কৰা ২৫ হাজাৰ টকাৰ বিপৰীতে এইবেলি ১২ হাজাৰ ৫০০ টকাকৈহে দিয়া বুলি অভিযোগ উথাপিত হৈছে। চৰকাৰৰ ঘোষিত স্বনিয়োজনৰ ২৫ হাজাৰ টকাৰ আচঁনিৰ পৰা এইবেলি ১২ হাজাৰ ৫০০ টকা কলৈ গল বুলি নিবনুৱা যুৱক যুৱতী সকলে প্ৰশ্ন উত্থাপন কৰিছে ।সেয়েহে অতি শীঘ্ৰে ওদালগুৰি জিলাৰ দয়াল দাস পানীকা স্বনিয়োজন আচঁনিৰ বাচনি তালিকা খন প্ৰকাশ কৰি চৰকাৰে ঘোষনা কৰা ২৫ হাজাৰকৈ টকা শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক দিবলৈ চৰকাৰক দাবী জনাইছে ।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়