যোৰহাট জিলাৰ টীয়ক ৰাজহচক্ৰৰ অন্তৰ্গত ভূঞাহাটৰ বৈছাহাবি পথ আৰু ধোদৰ আলি সংযোগী বাইলুং গাওঁ -হাতীমুৰীয়া পথটো এতিয়া জাঁজী নদীৰ খহনীয়াৰ কৱলত পৰি নিচিহ্ন হৈছে। উল্লেখযোগ্য যে, পথটোৰ হাতীমুৰীয়াত ২০১১ চনতে খহনীয়াৰ সৃষ্টি হৈছিল। পৰবৰ্তী সময়ত পথটোৰ খহনীয়াগ্ৰস্ত অংশ মেৰামতিৰ ব্যৱস্থা কৰা হৈছিল যদিও উক্ত স্থানৰ চাহবাগনৰ নলাৰ পানী নদীলৈ নিগৰি নিগৰি পৰি থকাত পথটো দুদিনৰ পূৰ্বে নদীৰ গৰ্ভত জাহ যায়। সম্প্ৰতি পথটো পিএমজিএছ ৱাই আঁচনিৰ অধীনত নিৰ্মান কৰা হৈ আছিল আৰু নিৰ্মান কাৰ্য চলি থকাৰ সময়তে পথটোৰ উক্ত অংশ প্ৰৱল বৰষুণৰ ফলত নদীৰ গৰ্ভলৈ খহি পৰে। ফলত ১৫ /২০ খন গাঁৱৰ জনসাধাৰণৰ আমগুৰি নগৰলৈ যাতায়তৰ চমু পথ হিচাপে ব্যৱহৃত পথটো সম্পূৰ্ণ বন্ধ হৈ পৰাত স্থানীয় ৰাইজে সংশিষ্ট পক্ষক আবেদন কৰাত কিছুদিন পূৰ্বে পথটো ঠিকাদাৰে যাতায়তৰ উপযোগী কৰি তুলিছিল। পথটো উপযোগী কৰাৰ পিছত যোৱা দুদিন ধৰি হোৱা বৰষুণৰ ফলত আজি পুৱাৰ ভাগত পথটো পুনৰ প্ৰায় সম্পূৰ্ণ ৰূপে খহি পৰাত এতিয়া ৰাইজ পনবন্দী হৈ পৰিছে। এতিয়া স্থানীয় ৰাইজে তৎকালেই পথটোৰ খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰি পথটো পুণৰ যাতায়তৰ উপযোগী কৰি তুলিবলৈ প্ৰশাসনক দাবী জনাইছে।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়