“ জীৱন ডিঙা ” ছুটি ছবিৰ মহুৰত সম্পন্ন

পশ্চিম  নলবাৰীৰ  কৈহাটীত  কালি “জীৱন ডিঙা” নামৰ এখন ছুটি ছবিৰ শুভ মহুৰত সম্পন্ন হয় ৷ কামৰূপীয়া ঢুলীয়া কৃষ্টিৰ লগত জড়িত লোক শিল্পী সকলৰ জীৱনলৈ নামি অহা অমানিশাৰ এক বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মান হব লগা “জীৱন ডিঙা” শীৰ্ষক ছুটি ছবি খনৰ শুভ মহুৰত অনুষ্ঠান বৰকৈহাটী সত্ৰৰ মদন মোহন গোসাইঘৰ প্ৰঙ্গনত  দিনৰ ১১ বজাত বন্তি প্ৰজ্বলন, কেমেৰাত মাল্যাৰ্পণ, নাৰিকল ভঙা আৰু কেমেৰাৰ চুইচ অ’ন কৰা কাৰ্যসূচীৰে সম্পন্ন কৰা হয় ৷ বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কৰুনাকান্ত ভৰালীয়ে ৷ কেমেৰাত মল্যাৰ্পন , নাৰিকল ভঙা আৰু কেমেৰাৰ চুইচ অ’ন কৰে কৈহাটীৰ প্ৰবীন কামৰূপীয়া ঢুলীয়া শিল্পী ৰমনী দাস ভাইৰাই ৷ ২৫ মিনিট দৈৰ্ঘৰ ছুটি ছবি খনৰ কাহিনী সাংবাদিক ৰজেন বৈশ্যৰ ৷ চিত্ৰনাট্য লিখিছে শিল্পী গৌতম বৰ্মনে ৷ ছুটি ছবি খনৰ পৰিচালনাৰ কৰিব নাট্যকাৰ,পৰিচালক, চিত্ৰ শিল্পী বিনয় শৰ্মাই ৷ ছবিখনৰ অভিন কৰিছে ৰাজেন বৈশ্য, গৌতম বৰ্মন, হিৰন্য ৰাজ বৰ্মন, দীপা মিশ্ৰ, প্ৰজ্ঞা তালুকদাৰ, নিশামনি বৰ্মন, টুটু দাস, তাৰিনী দাস, বিনয় শৰ্মা, জিতেন দাস, শিশু শিল্পী মানস দাস, অকুৰ বৰ্মন আদি শিল্পী সকলে ৷ মহুৰত অনুষ্ঠানৰ পিছতে আজি দক্ষিন পখুৰাৰ খেতি পথাৰৰ লোকেচন আৰু কৈহাটীৰ ৰমনি ভাইৰাৰ ঘৰৰ লোকেচনত দৃশ্যগ্ৰহন কৰা হয় ৷

Related Articles