ওদালগুৰি জিলাৰ ওৰাং গ্ৰামীন বিকাশ বেংক পৰিচালক গৰাকীৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰাপ্ত অভিযোগ অনুসৰি দুগৰাকী বেংক মিএৰ জৰিয়তে পৰিচালক গৰাকীয়ে কোৰোণাৰে ধন চপাই নিজৰ জেপ গধুৰ কৰি মাছে মঙহে খাইছিল বেংকটোৰ ভিতৰত ।এনেদৰে অভিযোগ উত্থাপন কৰিছে আত্মসহায়ক গোটৰ মহিলা সকলে । এই সন্দৰ্ভত আত্মসহায়ক গোটৰ মহিলা সকলে ওদালগুৰি জিলা উপায়ুক্তক পৰিচালক গৰাকীক বেংকটোৰ পৰা বদলি কৰিবলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা বুলি জানিব পৰা গৈছে । পৰিচালক গৰাকীয়ে আত্মসহায়ক গোটৰ মহিলা সকলৰ পৰা উৎকোচ লোৱাৰ কথা উল্লেখ কৰি উপাযুক দিযা স্মাৰক পত্ৰ খনত উল্লেখ কৰা মতে আত্মসহায়ক গোটৰ মহিলা সকলক চৰকাৰে আগবঢ়োৱা ঋণ, এককালীন সাহাৰ্য্য মোকোলাই দিয়াৰ নামত বেংকটোত নিয়োজিত হৈ থকা দুগৰাকী বেংক মিএৰ জৰিয়তে প্ৰতিটো আত্মসহায়ক গোটৰ পৰা ২ হাজাৰ পৰা ৩ হাজাৰ টকা উৎকোচ লয়। এই টকা নিদিলে পৰিচালক গৰাকীয়ে বেংক মিএৰ জৰিয়তে গোটৰ মহিলা সকলৰ ঋন অৰ্থবা এককালীন সাহাৰ্য্য পলম হব বুলি জনাই দিযে । উপায়ন্তৰ হৈ মহিলা সকলে পৰিচালক গৰাকীক এই ধন দিবলৈ বাধ্য হয় । অবশ্যে বেংক মিএ দুগৰাকীৰ উৎকোচ লোৱাৰ কথা সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছত মাজবাট উন্নয়ন খণ্ডৰ বি পি এম গৰাকীয়ে তাৎক্ষণিক ভাৱে বেংক মিএ দুগৰাকীক ওৰাং গ্ৰামীণ বিকাশ বেংকৰ পৰা উলিয়াই দিযা বুলি জানিব পৰা গৈছে ।কিন্তু বেংক মিএ দুগৰাকীক বিভাৰ্গীয কৰ্তৃপক্ষই উলিয়াই দিয়াত নিজৰ সান্দহ খোৱা বালি তল যোৱাৰ বাবে মহিলা সকলৰ ওপৰত পুনৰ খৰ্গহস্ত হৈ পৰিছে এই গৰাকী ঘোচ খোৰ বেংক পৰিচালকে। নোম টেঙৰ এই গৰাকী পৰিচালকৰ স্বেচ্ছাচাৰী অপশাসনৰ বাবে আত্মসহায়ক গোটৰ মহিলা সকলে অতিষ্ঠ হৈ পৰা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰি অতি শীঘ্ৰে ওৰাং গ্ৰামীণ বিকাশ বেংক পৰিচালক গৰাকী বদলি কৰিবলৈ অনুৰোধ জনাই এই স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা জানিব পৰা গৈছে ।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- NASA Asteroid Alert: পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব দুখন ক্ৰিকেট খেলপথাৰৰ আকৃতিৰ গ্ৰহাণুৱে, সষ্টম নাছাৰ বিজ্ঞানী
- Gauhati Collegeউত্তৰ গুৱাহাটী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ মইমতালি
- Aditi Rao-Siddharth Wedding: অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থৰ বিবাহ সম্পন্ন
- Online trading scam: বাক্সাৰ ১০০ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টক মাৰাথন জেৰা
- Deepika padukone holds her daughter first photo viral:কন্যাক কোলাত লৈ প্ৰথমবাৰৰ বাবে কেমেৰা সন্মুখত দীপিকা পাডুকন
- How Often Should You Wash Your Hair With Shampoo:সপ্তাহত শ্বেম্পুৰে কেইবাৰ চুলি ধুব লাগে? জানি লওক
- Ganpati Ganesh idol controversy:গণেশ মূৰ্তিৰ সাজ-পোছাকক লৈ বিতৰ্ক! আধুনিকতাৰ নামত এয়া কি?
- 39th Chakradhar Samaroh: ছত্তিশগড়ৰ ‘চক্ৰধৰ সমাৰোহ’ত বিছমিল্লা খাঁ যুৱ বঁটা প্রাপক অসমৰ মৃদুস্মিতা দাস বৰাৰ সত্ৰীয়া নৃত্য প্রদর্শন
- BJP Involvement in Online Scam: অনলাইন কেলেংকাৰিত বিজেপিৰ কোনো জড়িত নাই, সেয়ে আমি তদন্তৰ ভাৰ চিবিআইক দিব পাৰিছোঃ মন্ত্ৰী হাজৰিকা
- Assam Direct Recruitment Examination: অসমত এডিআৰই নিযুক্তি পৰীক্ষা সুচাৰুৰূপে চলোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰশংসা