অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত এজন গুৰুত্বপূৰ্ণ ব্যক্তি হ’ল – কাজিৰঙাৰ বোকাগাঁৱ অঞ্চলৰ মনোজ গগৈ । ২০০৫ চনৰ পৰা মনোজ গগৈয়ে কাজিৰঙা বন্যপ্ৰাণী শাখাৰ বিভিন্ন কামৰ লগত জড়িত হৈ আছে। মনোজ গগৈয়ে ফান্দত লগা চৰাই, আঘাতপ্ৰাপ্ত জীৱজন্তুৰ উদ্ধাৰ কৰি সেইসমূহক সুৰক্ষা প্ৰদান কৰে আৰু সময় সাপেক্ষে যেতিয়া সেই সমূহ সুস্বাস্থ্যৰ অধিকাৰী হয় তেতিয়া প্ৰকৃতিৰ বুকুত এৰি দিয়ে । তেওঁ এই যাত্ৰাৰ আৰম্ভণি কৰে প্ৰায় ১০বছৰ পূৰ্বেই । ঘটনাটো আছিল এইধৰণৰ -দেওবৰীয়া দুপৰীয়া এটাত ৰাস্তাৰ মাজত মানুহৰ জুম এটা দেখি মনোজ গগৈ আগবাঢ়ি যায় আৰু দেখে যে মানুহ কিছুমানে এডাল অজগৰ সাপক চীপজৰী দি নিজৰ ভয়ৰ পৰা সাৰিবলৈ আঘাতপ্ৰাপ্ত কৰিছিল তেতিয়া সেই অজগৰক মৃত্যু মুখৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁ মানুহৰ জুমটোক অজগৰডাল নামাৰিবলৈ অনুৰোধ কৰে আৰু ঘৰলৈ গৈ প্ৰয়োজনীয় সঁজুলি পাতি আনি সাপডালক ৰক্ষা কৰে আৰু তেনেকৈয়ে সাপডাল সুস্থ হৈ উঠাৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কতৃপক্ষৰ অনুমতি সন্মতে হাবিৰ মাজত এৰি দিয়ে ।
২০০৭ চনৰ আগলৈকে এনেদৰে উদ্ধাৰ কৰা বন্যপ্ৰাণীৰ সংখ্যা প্ৰায় ৫,০০০ৰো অধিক। এই বন্যপ্ৰাণী সমূহক তেওঁ সন্তানৰ দৰে লালন পালন কৰে আৰু সিহঁতৰ লগত বাৰ্তালাপো কৰিব পাৰে শগুণ, কাউৰী, ফেঁচা , কাছ, বিভিন্ন প্ৰজাতিৰ সাপ ইয়াত ভিতৰত উল্লেখযোগ্য । ইয়াৰোপৰি ৪জনী মাছৰোকা (kingfisher) ডাঙৰ কৰাটো তেওঁৰ জীৱনৰ এক ডাঙৰ সাফল্য বুলি তেওঁ ভাবে আৰু সচাকৈয়ে এইটো এক প্ৰশংসনীয় কাৰ্য।
মনোজ গগৈয়ে বন্যপ্ৰাণী সংৰক্ষণত আগ্ৰহী কিছুমান ব্যক্তিৰ লগত লগলাগি ২০০৭ চনত ” The naturalist to Rehabilitation of Snakes and Birds (NRSB)” নামৰ সংগঠন গঠন কৰে । বৰ্তমান এই সংগঠনটোত ১০০ জনৰো অধিকলোকে ইচ্ছাকৃতভাবে কাম কৰিছে। মনোজ গগৈয়ে বন্যপ্ৰাণী সংৰক্ষণ কৰাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ কথা চুবুৰীয়া বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আলোচনা কৰে লগতে বিভিন্ন ঠাইত সজাগতা প্ৰচাৰো চলাই।
২০১৪ চনত Corbett foundation য়ে মনোজ গগৈক ” wildlife warrior ” বঁটাৰে সন্মানিত কৰে। ইয়াৰ পিছতে ধৃতিমান কাকতি নামৰ এজন অসমীয়া পৰিচালকে ” The man who speaks Nature ” নামৰে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰে য’ত তেওঁ মনোজ গগৈৰ কৰ্মৰাজিক উপস্থাপন কৰে। বন্যপ্ৰাণীৰ প্ৰতি থকা তেওঁৰ অগাধ মৰম , স্নেহ আৰু দায়িত্ববোধ সঁচাকৈয়ে প্ৰশংসনীয় । আমি প্ৰত্যেকেই বন্যপ্ৰাণীৰ ৰক্ষা আৰু সংৰক্ষণৰ বাবে এনেধৰণৰ কাম কৰিব লাগে আৰু বন্যপ্ৰাণীবোৰৰ বিলুপ্তিকৰণত বাধাৰ হেঙাৰ হৈ থিয় দিব লাগে।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- NASA Asteroid Alert: পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব দুখন ক্ৰিকেট খেলপথাৰৰ আকৃতিৰ গ্ৰহাণুৱে, সষ্টম নাছাৰ বিজ্ঞানী
- Gauhati Collegeউত্তৰ গুৱাহাটী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ মইমতালি
- Aditi Rao-Siddharth Wedding: অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থৰ বিবাহ সম্পন্ন
- Online trading scam: বাক্সাৰ ১০০ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টক মাৰাথন জেৰা
- Deepika padukone holds her daughter first photo viral:কন্যাক কোলাত লৈ প্ৰথমবাৰৰ বাবে কেমেৰা সন্মুখত দীপিকা পাডুকন
- How Often Should You Wash Your Hair With Shampoo:সপ্তাহত শ্বেম্পুৰে কেইবাৰ চুলি ধুব লাগে? জানি লওক
- Ganpati Ganesh idol controversy:গণেশ মূৰ্তিৰ সাজ-পোছাকক লৈ বিতৰ্ক! আধুনিকতাৰ নামত এয়া কি?
- 39th Chakradhar Samaroh: ছত্তিশগড়ৰ ‘চক্ৰধৰ সমাৰোহ’ত বিছমিল্লা খাঁ যুৱ বঁটা প্রাপক অসমৰ মৃদুস্মিতা দাস বৰাৰ সত্ৰীয়া নৃত্য প্রদর্শন
- BJP Involvement in Online Scam: অনলাইন কেলেংকাৰিত বিজেপিৰ কোনো জড়িত নাই, সেয়ে আমি তদন্তৰ ভাৰ চিবিআইক দিব পাৰিছোঃ মন্ত্ৰী হাজৰিকা
- Assam Direct Recruitment Examination: অসমত এডিআৰই নিযুক্তি পৰীক্ষা সুচাৰুৰূপে চলোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰশংসা