চাপৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ধীৰেৰচৰ গাঁও পঞ্চায়তৰ একাংশ কৃষকে মৰাপাট খেতি কৰি বিপদত পৰিছে। মৰাপাট বিলাক কাটি কাটি পথাৰত পেলাই থৈদেখা গৈছে। কিন্তু পানীৰ অভাৱত কৃষকসকলে মৰাপাট বিলাকক জাক বা গতি লগাব পৰা নাই ইফালে পথাৰতে মৰাপাটবিলাক জ্বলি শেষ হব ধৰিছে। পানীৰ দৰত বিক্ৰি হৈছে দৰিদ্ৰ কৃষকৰ মৰাপাট৷ কপালৰ ঘাম মাটিত পেলাই মৰাপাটৰ খেতি কৰা কৃষক সকলে উচিত মূল্য নাপায় মুৰে কপালে হাত দিছে কৃষকসকলে৷ কৃষকে ২৫০০ টকাৰ পৰা ২৬০০ টকাত বেপাৰীক যাচি দিব লগা হৈছে মৰাপাট৷ প্ৰতি বিঘা মৰাপাট উৎপাদন কৰোতে কৃষকৰ ব্যয় হয় ৩৫০০ টকাৰ পৰা ৪০০০ টকালৈ৷গাঁঠিৰ ধন ভাঙি উৎপাদন কৰা মৰাপাট এতিয়া পানীৰ দৰত বিক্ৰি কৰি মুৰে কপালে হাত দিছে কৃষকে৷ লোকচান কৰি মৰাপাট বিক্ৰি কৰিব লগা হোৱাত চাপৰ অঞ্চলত কৃষকৰ মাজত হাহাকাৰ লাগিছে। কৃষকসকলো খেতি কৰিয়ে লৰা-ছোৱালীক পোহপাল দিয়ে৷ ঘৰ খনৰ সমস্ত খৰছ খেতিৰ ওপৰত্ নিৰ্ভৰশীল৷থীৰেৰচৰ তাৰাংগাপুৰ আদি বহু অঞ্চলৰ কৃষকে মৰাপাটৰ খেতি কৰি হতাশাত ভূগিছে। কৃষক সকলোৱে বিষয়টো ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ অনুৰোধ জনাইছে। আৰু লগতে কয় যে বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক আৰু ধুবুৰী সাংসদৰ ওচৰত কৃষকসকলৰ কোনো মূল্য নাই। তেখেতসক অকল ৰাস্তাই দি আহে আৰু যায় কিন্তু কৃষক সকলৰ খবৰ লবলৈ অকনো সময় নহয়। আৰু কয় যে নিৰ্বাচনৰ সময়ত ভোটৰ সময়ত আহি দেখা দি যাব আৰু নিৰ্বাচন শেষ হৈ যোৱাৰ পিছত কোনো খা খবৰ নাই।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Shri Shri Rudra Mahayagya: খানাপাৰাত শ্ৰীশ্ৰী ৰুদ্ৰ মহাযজ্ঞ- কামেশ্বৰী মহা আৰাধনাৰ সফল সামৰণি
- Swacchata hi seva: স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাবে অসমত ৩৫০০ গছপুলি ৰোপণ
- Food Processing Industry: ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ সম্প্ৰসাৰিত দিগন্ত; অৰ্থনৈতিক শ্ৰীবৃদ্ধিত উল্লেখযোগ্য ভূমিকা
- Cabinet approves Pm’s Tribal Advanced Gram Abhiyanপ্ৰধান মন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত কেবিনেটৰ অনুমোদন
- National Boxing C’ship: পুৰুষ এলিট শাখাৰ কোৱাৰ্টাৰত অসমৰ ছয় বক্সাৰ
- AASU: আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নিযুক্তি, চৰ্জুন হান্সেৰ হাতত গধুৰ দায়িত্ব
- Major Infra Projects Launched: টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল দেশৰ বাবে উচৰ্গা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- World Bamboo Day 2024: আজি বিশ্ব বাঁহ দিৱস। বাঁহগাজৰ উপকাৰিতা বিষয়ে জানক
- Assam’s pride, heritage site ‘Khatra Satra’: অসমৰ গৌৰৱ, ঐতিহ্যক্ষেত্ৰ ‘খটৰা সত্ৰ’
- eating eggs can make your brain sharper: কণী খালে আপোনাৰ মগজু চোকা হ’ব পাৰে! অধ্যয়নত প্ৰকাশ