Breaking

অসম চৰকাৰৰ পৰ্যটন বিভাগৰ চৰম অৱহেলা

0 1,550

মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত উদয়পুৰ লং টং স্থিত ঐতিহাসিক ষ্টীলৱেল পথৰ কাষতেই অৱস্থিত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰাণ আহুতি দিয়া বীৰ সৈনিক সকলৰ সমাধি ক্ষেত্ৰ। অসম চৰকাৰৰ পৰ্যটন বিভাগ আৰু জনপ্ৰতিনিধিৰ অমনোযোগিতাৰ বাবেই ধ্বংসৰ দিশে গতি কৰিছে ইতিহাস প্ৰসিদ্ধ এই সমাধিক্ষেত্ৰখন। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰাণ হেৰোৱা সৈনিক সকলক সমাধিস্থ কৰা এই সমাধিক্ষেত্ৰ খনৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত ২০১৭ চনত উদয়পুৰৰ লং টং স্থিত ঐতিহাসিক ষ্টীল ৱেল পথ আৰু বৰ্তমানৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এক বিশাল ভূমিত নতুনকৈ ন ৰূপ দি সমাধিক্ষেত্ৰখন পুনঃ নিৰ্মানৰ কাম আৰম্ভ কৰা হৈছিল।মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু ক’ল ইণ্ডিয়া লিমিটেডৰ সহযোগত নিৰ্মান কৰা সমাধিক্ষেত্ৰ খনৰ আধাৰশিলা স্থাপন কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা দেৱে।

মাৰ্ঘেৰিটাৰ কল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত প্ৰায় সোতৰ লাখ (১৭,০০০০০.০০) টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সমাধিক্ষেত্ৰ খনৰ নিৰ্মাণকাৰ্য প্ৰায় শেষ হোৱাৰ পাছতো চোৱাচিতাৰ দায়িত্বত থকা কৰ্ত্তৃপক্ষ আৰু অসম পৰ্যটন বিভাগৰ দায়িত্বহীনতাৰ বাবেই মৃত্যুৰ দিশলৈ গতি কৰিছে এই সমাধিক্ষেত্ৰ। সৌন্দৰ্য্য আৰু শোভা বৰ্ধনৰ বিপৰীতে দেখা গৈছে হাবি-জংঘলেৰে আগুৰি ধৰা এক বিপৰীত দৃশ্য। বিভিন্ন সময়ত বহিঃ ৰাষ্ট্ৰৰ পৰা শ্বহীদ সকলৰ বংশীয় বা আত্মীয় সকল এই স্থানত আহি তেওঁলোকক শ্ৰদ্ধাৰে সুঁৱৰি ধৰ্মীয় পূজা অৰ্চনা কৰি স্মৰণ কৰা দেখা যায়।সমাধিক্ষেত্ৰ খনৰ বৰ্তমানৰ এনেবোৰ দৃশ্য যদি সেই সকল লোকে প্ৰত্যক্ষ কৰে তেন্তে তেওঁলোকে অসমৰ পৰা কেনে ধৰণৰ বাৰ্তা বহন কৰিব সেইয়া সহজেই অনুমেয়। পৰ্য্যটনৰ আকৰ্ষণৰ থলী হিচাপে চিহ্নিত এই সমাধিক্ষেত্ৰৰ জৰাজীৰ্ণ অৱস্থা দেখি বুদ্ধিজীৱী তথা সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে সৰৱ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক তথা স্থানীয় যুৱক ৰাহুল ছেত্ৰী। ছাত্র নেতাজনে অসম চৰকাৰ তথা অসম পৰ্যটন বিভাগক অতি সোনকালে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰি সমাধিক্ষেত্ৰ খনৰ সৌন্দৰ্য বৰ্ধন কৰি দেশী বিদেশী পৰ্য্যটকৰ আকৰ্ষণৰ থলী হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.