Breaking

সমস্যা বহুত এতিয়াও হোৱা নাই সমাধান: দিবা নৈশ বাছ চালকৰ সমিতি গঠন

0 1,056

সদৌ অসম বেচৰকাৰী নৈশ বাছ চালক সকলে গুৱাহাটীৰ ISBTত এখন সবল কমিটি গঠন কৰে। সদৌ অসম বেচৰকাৰী দিবা নৈশ বাছ চালক সন্থা নামেৰে বাছ চালক সকলে এটা সংগঠনৰ জন্ম দিয়ে। চালকসকলৰ অভাৱ অভিযোগ, শোষণ, প্ৰাপ্য মজুৰি আৰু দৰমহা আদিৰ এক সমাধানৰ বাবেই এই সংগঠনৰ জন্ম।

অনাগত দিনত বাছৰ মালিকসকলক সাঙুৰি এক বৃহৎ সংগঠন হিচাপে গঢ়ি তোলাৰ এক ইংগিত দি ৰূপম দত্তই কয় যে ‘ মালিক সকল আমাৰ ভগৱান, আমাৰ এই যুঁজ মালিক সকলৰ লগত নহয়, এই যুঁজ আমাৰ নিজৰ লগত।’
ৰূপম দত্তক সম্পাদক, মনোজ হালৈক সভাপতি হিচাপে কাৰ্যভাৰ দি উক্ত কমিটি গঠন কৰা হৈছে।


পোন প্ৰথম বাৰৰ বাবে অসমত বেচৰকাৰী দিবা নৈশ বাছ চালকসকল একগোট হৈ এক গঠনমূলক ভাবে এই সংগঠনৰ জন্ম দিয়া হৈছে। এই সমগ্ৰ প্ৰক্ৰিয়াৰ আঁত ধৰিছিল লাইফ অৱ এ ড্ৰাইভাৰ ৰ নামৰ কিতাপখনৰ লেখক ৰূপম দত্তই।

Leave A Reply

Your email address will not be published.