শাৰীৰিক অসুবিধাকো নেওচি LED বাল্প নিৰ্মাণ কৰি আত্মনিৰ্ভৰশীলতা নিৰ্দশন ঢকুৱাখনাৰ এজন বিশেষ ভাৱে সক্ষম যুৱকৰ

বিশেষভাৱে সক্ষম যুৱকৰ আত্মসংস্থাপন । ঘৰেত ইলেক্ট্ৰনিক এল ই ডি  (LED) বাল্প নিৰ্মাণ কৰি উপাৰ্জনৰ পথ মোকলাইছে লখিমপুৰ জিলা ঢকুৱাখনাৰ এগৰাকী যুৱকে । দিব্যাংগ হৈয়ো এটা শক্তিশালী সৃষ্টিশীল মন আৰু চিন্তা চেতনাৰ গৰাকী হোৱা এগৰাকী ব্যক্তি হৈছে প্ৰাণজিৎ বৰুৱা ৷ আত্মসংস্থাপনৰ বাতত  বিকলাংগতাৰ হেঙাৰ স্বৰুপ সব নোৱাৰে  ইয়াৰে এনে নিৰ্দশন দাঙি ধৰিছে ঢকুৱাখনা মহকুমাৰ বৰপাত্ৰ গাৱঁৰ ৰঞ্জিত বৰুৱা আৰু মাতৃ মিতালী গগৈ বৰুৱাৰ পুত্ৰ ২২ বছৰীয়া বিশেষ ভাৱে সক্ষম প্ৰাণজিৎ বৰুৱাই ৷ ৯-১০ বছৰৰ বয়সৰ পৰাই পৰাই বৰ্তমানলৈকে বিশেষভাৱে সক্ষম হৈও হাৰ মনা নাই প্ৰাণজিৎ বৰুৱাই ৷ খোজ কাঢ়িব নোৱাৰা বিশেষ ভাৱে সক্ষম যুৱক গৰাকীয়ে কোনোধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ কেৱল YouTube চাই চাই লোৱা শিক্ষাৰ যৰিয়তে প্ৰাণজিতে নিজৰ শাৰীৰিক অক্ষমতা আৰু আৰ্থিক নাটনিৰ বাবে আন দহ গৰাকী যুৱকৰ দৰে স্বাৱলম্বনৰ মৰ্য্যদাপূৰ্ণ বৃত্তিৰ পাছত দৌৰিব নোৱাৰি স্ব-গৃহতে বহি বহিয়েই ইটোৰ পিছত সিটো নিৰ্মাণ কৰি উলিয়াইছে ইলেক্ট্ৰনিক LED বাল্প ৷ ইপিনে যুৱকজনে নিৰ্মাণ কৰি উলিওৱা ইলেক্ট্ৰনিক LED বাল্প সমূহ বজাৰ মূল্যতকৈ ৩০% কম দামতে বিক্ৰী কৰি স্বাৱলম্বিতাৰ নিৰ্দশন দাঙি ধৰি আহিছে । দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী প্ৰাণজিতে ইয়াৰ উপৰিও নিৰ্মাণ কৰি উলিওৱাইছে বাঁহেৰে সজোৱা বিভিন্ন সামগ্ৰী । এই সমূহ বিক্ৰী কৰি তেওঁ আৰ্থিক বাবে লাভৱান হৈছে যদিও সমগ্ৰ দেশৰ লগতে অসম হোৱা কভিড মহামাৰীৰ বাবে ক্ৰয় কৰিব পৰা নাই নিৰ্মাণত ব্যৱহিত সামগ্ৰী। যাৰবাবে যথেষ্ট অসুবিধাও সন্মুখিন হব লগীয়া হয় কিছু সময়ত ৷ আনহাতে প্ৰাণজিতে বিশেষ ভাৱে সক্ষম হৈ ও কিন্ত নিজকে জীৱনৰ বাটত আগুৱাই নিবলৈ অব্যাহত ৰাখিছে আত্মবিশ্বাস, ধৈৰ্য আৰু মনত সাহস । নিজকে বিশেষভাৱে সক্ষম বুলি হতাশাত ভোগা বিপৰিতে সৃষ্টিশীল কামত নিজকে নিয়োজিত কৰি ৰখাৰ লগতে আৰ্থিক ভাৱে স্বাৱলম্বী হোৱা যুৱকজন এতিয়া ঢকুৱাখনাৰ আন দহজন যুৱকৰ বাবে হৈ পৰিছে এক সুন্দৰ উদাহৰণ । বিশেষকৈ দৰিদ্ৰ পিতৃ মাতৃৰ মুখ্যমন্ত্ৰী ,স্বাস্থ্য মন্ত্ৰীলৈ সকাতৰ আহ্বান, বিশেষ ভাৱে সক্ষম যুৱকজনৰ উন্নত চিকিৎসাৰ বাবে এককালীন আৰ্থিক সাহায্য  বাবে ।

Related Articles