Breaking

নদুৱাৰত আন্তৰ্জাতিক আদিবাসী দিৱস পালন

0 1,618

সমগ্ৰ পৃথিৱীতে ৯ আগষ্ট দিনটোত আন্তর্জাতিক আদিবাসী দিৱস পালনৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ পালন কৰাৰ দৰে নদুৱাৰতো চাহ জনগোষ্ঠীৰ আদিবাসী সকলে আন্তৰ্জাতিক আদিবাসী দিৱস পালন কৰে । বিগত বৰ্ষত নদুৱাৰ অঞ্চলৰ বিভিন্ন প্ৰান্তত ৯ আগষ্টৰ দিনটোত আদিবাসী জনগোষ্ঠীটোৰ দল,সংগঠনে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আহিছে যদিও সম্প্ৰ্তি ক’ভিড সৃষ্ট পৰিস্থিতিত নদুৱাৰ অঞ্চলত এই বেলি তেনে কোনো অনুষ্ঠানিক আয়োজনৰ পৰিলক্ষিত নহল। উল্লেখ্য যে আদিবাসী জনগোষ্ঠীৰ লোকে ১৯৯৪ চনৰ পৰাই বিশ্বব্যাপী পালন কৰি আহিছে আন্তৰ্জাতিক আদিবাসী দিৱসটি। ৫ টাকৈ মহাদেশ ৪০ টাতকৈ অধিক দেশত বসবাস কৰা  আদিবাসী জনগোষ্ঠীটোৰ  ৩০-৩৫ কোটি জনসংখ্যা। এইদৰে বিভিন্ন দেশত বিভিন্ন নামেৰে পৰিচিত প্রথম জাতি, উপ-জাতি, আদিবাসী, ক্ষুদ্র-নৃ-গোষ্ঠি, ক্ষুদ্র-জাতিসত্ত্বা পৰিচয় পোৱা যায়।আদিবাসী জাতিসত্ত্বাৰ আত্ম-পৰিচয়, সামাজিক,সাংস্কৃতিক ও অর্থনৈতিকভাবে অধিকাৰ সংৰক্ষণৰ বাবে আদিবাসী ও ট্রাইবেল জনগোষ্ঠী কনভেঞ্চন-১৯৫৭(১০৭) আৰু আদিবাসী ও ট্রাইবেল জনগোষ্ঠী কনভেঞ্চন-১৯৮৯(১৬৯) দুটা ধাৰা গৃহীত হয়। আন্তৰ্জাতিক আদিবাসী দিৱস উপলক্ষে বিশেষ ভাবে জনগোষ্ঠীটোৰ ৰাজ্যখনৰ এক মাত্ৰ ছাত্ৰ সংগঠন সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নদুৱাৰ আঞ্চলিক সমিতিৰ সভাপতি অনন্ত কুজুৰে সকলোলৈকে দিবসৰ দিনা শুভেচ্ছা জ্ঞাপন কৰি সাংবাদিকৰ আগত কয় যে বিশ্বব্যাপী আদিবাসী জনগণই নিজস্ব সাংস্কৃতিক পৰিচয়, ভূমি অধিকাৰ,অঞ্চল বা ঠাইৰ অধিকাৰ প্রাকৃতিক সম্পদৰ অধিকাৰও নাগৰিকৰ মর্যদাৰ স্বীকৃতিৰ দাবীত দিৱসটি পালন কৰি আহিছে। বিশেষকৈ বিভিন্ন দেশৰ সংখ্যাত ক্ষুদ্র জাতিসত্ত্বাও আদিবাসীসকলৰ স্বতন্ত্র সাংস্কৃতিক পৰিচয় দাঙি ধৰাৰ গুৰুত্ব প্ৰদান কৰি পালন কৰা হয় এই আন্তর্জাতিক দিৱসটি। সাধাৰণতে কোনো এটি নির্দিষ্ট অঞ্চলত অণুপ্রবেশকাৰী বা দখলকাৰী জনগোষ্ঠীৰ আগমনৰ পূৰ্বে বসবাস কৰা অৰ্থাৎ বৰ্তমাণলৈকে যি সকল নিজস্ব সুকীয়া সংস্কৃতি,ৰীতি-নীতি ও মূল্যবোধ আছে যি সকল নিজৰ সুকীয়া জনসমষ্টিৰ সমাজ-সংস্কৃতিৰ অংশ হিচাপে চিহ্নিত কৰা হয়,সেইসকলেই আদিবাসী। লগতে ইয়াকো কয় যে আজিৰ দিনটোত আদিবাসী জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ দিন হিচাপে অসমত আছাই বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে যদিও এই বেলি ক’ৰণা পৰিস্থিতিত স্বাস্থ্য বিভাগ তথা ৰাজ্য চৰকাৰৰ ক’ভিড নীতি-নিৰ্দেশনা পালন কৰি কোনো ধৰণৰ অনুষ্ঠান আয়োজনৰ পৰা বিৰত আছে। ইয়াৰ উপৰিও জনগোষ্ঠীটোৰ ছাত্ৰ নেতা গৰাকীয়ে কয় যে ভাৰতবৰ্ষত প্রায় ১০.৫ কোটি আদিবাসী জনসাধাৰণ বসবাস কৰে যি ভাৰতৰ মুঠ জনসংখ্যাৰ প্রায় ৮.৮ %। মূলসূতিৰ জনগোষ্ঠী হিচাপে থাকিও আদিবাসীসকলৰ পৃথক জীৱন,ঐতিহ্য, সংস্কৃতি ও ইতিহাস আছে।ভাৰতীয় সংবিধান অনুসৰি শিক্ষা, চাকৰি ও নির্বাচনৰ ক্ষেত্রত ৬% আসন আদিবাসী জনগোষ্ঠী তথা ‘Schedule Tribe (ST) বা তপশীল উপজাতিৰ কাৰণে সংৰক্ষিত। প্রতিটো চৰকাৰী প্রকল্প ৰূপায়ণৰ ক্ষেত্রত আদিবাসী জনগোষ্ঠী তথা ‘Schedule Tribe (ST) বা তপশীল উপজাতিৰ অগ্রাধিকাৰ দিয়াৰ কথা চৰকাৰী নিয়মাৱলীত স্পষ্টভাবে উল্লেখ আছে যদিও দীৰ্ঘদিন ধৰি জনগোষ্ঠীটোৱে নিজৰ প্ৰাপ্য আৰু অধিকাৰৰ হকে আন্দোলন কৰি আহিছে যদিও চৰকাৰী পক্ষই কোনো ধৰণৰ ফলপ্ৰসু সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.