Breaking

নাজিৰাত ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ সংবাদমেল । তৈলক্ষেত্ৰ পুজিপতি গোষ্ঠীক গতোৱা , সংবিধান প্ৰদত্ত শ্ৰম আইন সংশোধন আৰু শ্ৰমিক বিৰোধী নীতিৰ তীব্র বিৰোধিতা : ব্যাপক গণ আন্দোলনৰ হুংকাৰ নাজিৰা ।

0 69

নাজিৰা

 ” ভাৰতবৰ্ষৰ পৰিবৰ্তন আৰু বিকাশৰ শ্ল’গান আওৰাই দিল্লী আৰু দিছপুৰৰ শাসনৰ গাদীত বহা বি জে পি নেৰ্তৃত্বাধীন চৰকাৰে পৰিবৰ্তনৰ নামত দেশৰ সুৰক্ষা আৰু বিকাশৰ বাবে গ্ৰহণ কৰা কাৰ্যই শ্ৰমিক — কৃষক তথা জসাধাৰণক আতংকিত কৰি তুলিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূৰ্বৰ চৰকাৰে ৬০ বছৰত কৰিব নোৱাৰা কাম ৬০ মাহতে কৰাৰ প্ৰতিশ্ৰুতি দি শাসন ভাৰলৈ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ বিশ্ব বৰেণ্য নেতা মহামানৱ মহাত্মা গান্ধীৰ সপোনৰ ৰামৰাজ্য আৰু জনসাধাৰণৰ আশা আকাংক্ষা পূৰণৰ মূল মন্ত্ৰৰে , বিজ্ঞান প্ৰযুক্তি প্ৰয়োগৰ কথা কোৱাৰ বিপৰীতে সম্পূৰ্ণ আধ্যাত্মিক চিন্তাৰে শাসন ব্যৱস্থা প্ৰৱৰ্তনৰ চমক সৃষ্টিৰে ইতিহাস ৰচনা কৰিছে । ” আজি বিয়লি নাজিৰা অসম চাহ কৰ্মচাৰী সংঘৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত বৰ্তমানৰ চৰকাৰৰ বিষয়ে সমালোচনা কৰে ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক পূৰ্ণ কান্ত বুঢ়াগোহাঁয়ে । তেখেতে লগতে কয় যে , স্বাধীন দেশৰ জাতীয় অৰ্থনীতি সুদৃঢ় কৰাৰ বাবে দেশ বিদেশৰ বিনিয়োগকাৰীক আদৰিবলৈ ৰাজভড়ালৰ জমা ধনৰ সৰাধ পাতি , বৰ্তমান কৰ’না ভাইৰাছৰ ভয়াবহ পৰিস্থিতিত জনসাধাৰণক স্বদেশী আৰু স্বনীৰ্ভৰশীল হ’বলৈ উপদেশ দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেৰ্তৃত্বাধীন চৰকাৰে ভাৰতবৰ্ষৰ ৪৯ খন তৈলক্ষত্ৰৰ লগতে অ’ এন জি চি অসম সম্পদৰো ৮ খনকৈ তৈলক্ষেত্ৰ পুজিপতি কোম্পানীক গতাই দিয়াৰ সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব । এনে সিদ্ধান্ত ষড়যন্ত্ৰ মূলক আৰু স্বেচ্ছাচাৰী সিদ্ধান্ত বুলি অভিহিত কৰি আই এন টি ইউ চিৰ জিলা সাধাৰণ সম্পাদকজনে এনে সিদ্ধান্ত শীৰ্ঘ্ৰে প্ৰত্যাহাৰৰ দাবী জনাই লগতে কয় , ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত জাতীয় অৰ্থনীতি সুৰক্ষা আৰু বিকাশৰ বাবে কৃষি আৰু আনুসংগিক উদ্যোগিকৰণ , প্ৰকৃতি প্ৰদত্ত সম্পদৰ ভিত্তিত শিল্প – উদ্যোগ স্থাপন , বেংক , বীমা আদি সকলো দিশতে ৰাষ্ট্ৰীয় ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ উপৰিও ব্যক্তিগত ক্ষত্ৰটো কিছু শিল্পী উদ্যোগ প্ৰতিষ্ঠাৰ যোগেদি মিশ্ৰিত অৰ্থনীতিৰ এক পৰিকল্পিত কৰ্ম আচনিৰে দেশৰ শাসন ব্যৱস্থা পৰিচালনা কৰা হৈছিল । গণতান্ত্ৰিক ভাৱে নিৰ্বাচিত চৰকাৰ এখনৰ , শাসক – বিৰোধী উভয় পক্ষৰে , ক্ষমতা সৰ্বচ্চ চিন্তা চৰ্চাৰ বাবে দেশৰ পৰিকল্পিত ব্যৱস্থাক সংকটাপূৰ্ণ কৰি এনে সংকট নিৰ্মূল কৰিবলৈ বৰ্তমানৰ চৰকাৰে একখ তথা স্বেচ্ছাচাৰী ভাৱে গ্ৰহণ কৰা সিদ্ধান্ত সমূহে দেশখনক পুনৰ পুজিপতি শ্ৰেণীৰ হাতত গতাই দি গণতান্ত্ৰিক ব্যৱস্থাক ব্যাহত কৰিব বিচাৰিছে । এই ষড়যন্ত্ৰৰ অংশ স্বৰূপে প্ৰতিৰক্ষা , বৈদেশিক পৰিক্ৰমা আৰু অৰ্থনীতৰ আনুসংগিক গুৰুত্বপূৰ্ণ বিষয় সমূহত ব্যক্তিগত তথা বৈদেশিক বিনিয়োগ আছে প্ৰকৃতি প্ৰদত্ত ৰাষ্ট্ৰীয় সম্পদসমূহ  ব্যক্তিগত পুজিপতি শ্ৰমিক গতাই দিবলৈ জনসাধাৰণে বি জে পি নেৰ্তৃত্বাধীন চৰকাৰক দিল্লী আৰু দিছপুৰৰ শাসন ক্ষমতা দিয়া নাই । এনে পৰিস্থিতিত অ’ এন জি চি অসম সম্পদৰ অধীনস্থ তৈলক্ষেত্ৰ সমূহ ব্যক্তিগত কোম্পানীক গতাই দিয়া কাৰ্য কোনো কাৰণতে অসমৰ জনসাধাৰণে মানি ল’ব নোৱাৰে । বি জে পি য়ে ব্যক্তিগত কোম্পানীৰ লগত গোপন বুজাবুজি কৰি অ’ এন জি চি অসম সম্পদক ইয়াৰ পৰা বিতাৰণ কৰি অসমৰ পনীয়াসোণ সদৃশ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ লুণ্ঠন কৰিব বিছৰা কাৰ্যৰ প্ৰতীবাদত ধাৰাবাহিক ভাৱে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিব বুলি সংবাদ মেল যোগে আই এন টি ইউ চিয়ে সকীয়াই দিয়ে । অসম চাহ কৰ্মচাৰী সংঘৰ নাজিৰা শাখাৰ সাধাৰণ সম্পাদক চিন্ময় বড়া , প্ৰনৱ ৰাজকটকী আদিয়ে অংশগ্ৰহণ কৰা সংবাদ মেলত লগতে প্ৰকাশ কৰে যে , শ্ৰমিক কৃষকৰ সংবিধান প্ৰদত্ত আইন ব্যাপক সংশোধনৰ নামত বি জে পি চৰকাৰখনে পুজিপতি মালিক পক্ষক সকাহ দিব বিচাৰিছে । নিজৰ পৰিশ্ৰমেৰে দেশৰ অৰ্থনীতি লৈ বিপুল বৰঙনি আগবঢ়োৱা ৮৫ শতাংশ শ্ৰমিক কৃষকৰ পৰিৱৰ্তে নগণ্য পুজিপতি শ্ৰেণীৰ স্বাৰ্থতহে শ্ৰম আইন সংশোধন কৰা কাৰ্যৰ প্ৰতিবাদতো ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছে সমগ্ৰ দেশতে ট্ৰেড ইউনিয়ন সমূহৰ যৌথ মঞ্চই এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি সদৰি কৰি পূৰ্ণ কান্ত বুঢ়াগোহাঁয়ে সংবাদ মেলত লগতে কয় , আন্তৰ্জাতিক শ্ৰম সংস্থাৰ শ্ৰম সংগঠন কৰাৰ অধিকাৰ আৰু কৰ্তৃপক্ষৰ লগত , ন্যায় সংগত দাবী দাৱা কৰা অধিকাৰ এই দুয়োটা মূল নিৰ্দেশনাকে নি: শেষ কৰিব বিচাৰিছে । আনহাতে ইতিহাস প্ৰসিদ্ধ গণতান্ত্ৰিক শ্ৰম আন্দোলনৰ ফলত বিশ্বৰ সকলো দেশতে শ্ৰমিকৰ কামৰ সময় নিৰ্ধাৰিত ৮ ঘণ্টাৰ পৰিৱৰ্তে ১২ ঘণ্টা কৰিবলৈ লোৱা কাৰ্য শ্ৰমিক আইনক অৱমাননা কৰিব বিচাৰিছে । গতিকে এনে জনবিৰোধী নীতিৰ বিৰুদ্ধে আই এন টি ইউ চিয়ে তীব্ৰ গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি সংবাদমেল যোগে শাসক — চৰকাৰক সকীয়াই দিয়ে ।

Leave A Reply

Your email address will not be published.