Breaking

ইটাখোলাৰ হাতিপটি গেটত দুষ্পাপ্য প্ৰানী বন-ৰৌ উদ্ধাৰ

0 2,108

বিশ্বনাথ জিলাৰ অসম  অৰুনাচল সীমান্তবৰ্তী হাতিপটি গেট স্থিত ৰতনপুৰ গাৱত কালি নিশা গাওখনৰ ৰাইজে এটা দুষ্পাপ্য প্ৰাণী বন-ৰৌ উদ্ধাৰ কৰে। উল্লেখ্য যে বৰ্তমান সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক দুষ্ট চক্ৰই বণ্য জীৱ-জন্তুৰ ধ্বংশ কাৰ্য চলাই থকাৰ মাজতে গাঁৱখনৰ ৰাইজে প্ৰায় বিলুপ্ত হবলৈ যোৱা দুষ্পাপ্য বন ৰৌটো ধৰি বন বিভাগক গতাই দি এক প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে। আজি ৰাতিপুৱা বন-ৰৌ উদ্ধাৰৰ খবৰ বিয়পি পৰাৰ লগে লগে উক্ত প্ৰানীটো প্ৰত্যক্ষ কৰিবৰ বাবে ৰাইজে ভীৰ কৰে। পিছত উক্ত গাওৰ ৰাইজে ইটাখোলাস্থিত ডিপলোঙা বনাঞ্চলিক কাৰ্যালয়ত খবৰ দিয়াত কেইবাজনো বন কৰ্মী উক্ত গাৱত উপস্থিত হৈ বন-ৰৌ টো উদ্ধাৰ কৰি নামেৰী বনাঞ্চলত এৰি দিয়ে।

Leave A Reply

Your email address will not be published.