Breaking

নাগ্ৰীজুলিত বিপিএফৰ নেতা কৰ্মীৰ পদত্যাগৰ জোৱাৰ। আলাউদ্দিন আহমেদৰ নেতৃত্বত দুই শতাধিক বিপিএফ নেতা-কৰ্মীৰ পদত্যাগ ।

0 42

তামুলপুৰ

বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিটিচিৰ ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত বিপিএফ দলৰ দুই শতাধিক নেতা-কৰ্মীয়ে পদত্যাগ কৰিছে। তামুলপুৰ জিলা সংখ্যালঘু কোষৰ সভাপতি তথা ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আলাউদ্দিন আহমেদে আজি সংবাদ মাধ্যমৰ আগত বিপিএফ দলৰ পৰা নেতা-কৰ্মী সকলে পদত্যাগ কৰা সম্পৰ্কে ক্ষোভ প্ৰকাশ কৰি কয় যে বিগত পোন্ধৰ বছৰ ধৰি তেওঁ বিপিএফ দলৰ বিভিন্ন পদত অধিষ্ঠিত হৈ নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই আহিছিল। এইবাৰৰ পৰিষদৰ নিৰ্বাচনত ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত বিপিএফ দলে নিজাববীয়াকৈ কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল। সেয়েহে তেওঁ বিপিএফ দলৰ পৰা ভিতৰুৱা  সমৰ্থনত  নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা  আগবঢ়াই মনোনয়ন পত্ৰও দাখিল কৰিছিল। কিন্তু শেহতীয়াভাবে বিপিএফ দলে নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত ৰবীন্দ্ৰ বিশ্বাসক সমৰ্থন দিয়াত তেওঁ বিপিএফ দলৰ তামুলপুৰ জিলা সংখ্যালঘু কোষৰ সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ উপৰিও প্রাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে। তেওঁ জানিবলৈ দিয়া মতে তেওঁৰ পদত্যাগ পত্ৰ ইতিমধ্যে যোৱা ২৮ মে’ত ডাক সেৱা যোগে তামুলপুৰ জিলা বিপিএফৰ সভাপতি-সম্পাদকলৈ প্ৰেৰণ কৰিছে। ইপিনে যুৱ নেতা আলাউদ্দিন আহমেদৰ নেতৃত্বত ৪ নং কালীপুৰস্থিত ১ নং পূৱ-কুমাৰীকাটা ভিচিডিচিৰ কাৰ্যালয়ত আজি দিনটোৰ ভিতৰত লক ডাউনৰ নীতি-নিয়ম আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখি  বিপিএফ দলৰ মূল-সমিতি, যুৱ সমিতি, মহিলা সমিতিৰ দুই শ গৰাকী নেতা-কৰ্মীয়ে পদত্যাগ কৰে। এই সকল নেতা-কৰ্মীয়ে ৰবীন্দ্ৰ বিশ্বাসক বিপিএফ দলে সমৰ্থন  দিয়া কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি বিপিএফ দলৰ বিভিন্ন পদবীৰ লগতে  প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে। এই সন্দৰ্ভত বিপিএফ নেতা ভক্ত বাহাদুৰ লিম্বুয়ে সংবাদ মাধ্যমৰ আগত কয় যে বিপিএফ দলে ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত নিজাববীয়া প্ৰাৰ্থী প্ৰক্ষেপ নকৰি বিপিএফৰ মিত্ৰদল বিজেপিক আসনখন এৰি দিছিল। কিন্তু বিপিএফৰ একাংশ নেতা-কৰ্মী-সমৰ্থকে বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীক সমৰ্থন নজনাই সেই সকলে সেই সময়ৰ বিপিএফৰ নেতা আলাউদ্দিন আহমেদক সমৰ্থন জনাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ হেঁচা দিয়ে। সেই মৰ্মে আলাউদ্দিন আহমেদে কেইবাহাজাৰ সমৰ্থকক লগত লৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পাত্ৰ দাখিল কৰিছিল। কিন্তু শেহতীয়াভাবে বিপিএফ দলে নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰবীন্দ্ৰ বিশ্বাসক সমৰ্থন দিছে। এনে ক্ষেত্ৰত বিপিএফ দলৰ নেতা-কৰ্মীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হয়। আৰু সেই বাবেই তেওঁলোকে বিপিএফ দলৰ পৰা পদত্যাগ কৰা বুলি ভক্ত বাহাদুৰ লিম্বুয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে। ভক্ত বাহাদুৰ লিম্বুৰ উপৰিও আজি পদত্যাগী কেইবা গৰাকীও নেতা-কৰ্মীয়ে অভিযোগ কৰি  বিগত ১৫ বছৰ ধৰি নাগ্ৰীজুলিত বিপিএফ দলৰ হৈ নিষ্ঠাৰে কাম কৰি অহা জেষ্ঠ্য তথা তৃণমূল পৰ্য্যায়ৰ কৰ্মীৰ সৈতে কোনো ধৰণৰ আলাপ-আলোচনা নকৰি কেইগৰাকী মান বিপিএফ নেতাই ৰবীন্দ্ৰ বিশ্বাসক বিপিএফ দলৰ পৰা সমৰ্থন জনোৱা বুলি জানিব পাৰি ক্ষোভিত হৈ এই সকলে আজি বিপিএফ দলৰ পৰা পদত্যাগ কৰে বুলিও ব্যক্ত কৰে। আজি বিপিএফ দল পদত্যাগী সদস্যসকলে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী আলাউদ্দিন আহমেদক সমৰ্থন জনাই কাম কৰি যাব বুলিও মত প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.