Breaking

নগাঁৱত সঘনাই উদ্ধাৰ হৈছে পি পি কিট : শংকিত সৰ্বসাধাৰণ ৰাইজ ।

0 37

 নগাঁও

নগাঁৱত সঘনাই পি পি কিট উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সকলোকে উদ্বিগ্ন কৰি তুলিছে। জানিব পৰা মতে, বিগত দুই/তিনিটা দিনৰ ভিতৰত নগাঁও চহৰকে ধৰি দাতিকাষৰীয়া বিভিন্ন ঠাইত কৰোণা ভাইৰাছৰ বিজানু থকাৰ সম্ভাৱনা থকা এই পি পি কিটসমুহ উদ্ধাৰ হৈছে। ইতিমধ্যে নগাঁও চহৰৰ ধিং গেটৰ ডিউ কেয়াৰ হস্পিতাল সমীপৰ ধিং ৰোডৰ কাষত কালি এটা পি পি কিট উদ্ধাৰ হোৱাৰ লগতে উক্ত এলেকাত আজিও মেৰিয়াই থকা অৱস্থাত আন এটা কিট উদ্ধাৰ হয়। আনহাতে, কালি উৰিয়াগা‍ঁৱৰ বাইপাচ চ’ক আৰু বেবেজীয়াৰ সমীপৰ বৰহোলাত উদ্ধাৰ হৈছিল পি পি কিট। অৱশ্যে স্থানীয় লোকে প্ৰত্যক্ষ কৰি কিটসমুহ কৌশলেৰে জ্বলাই দিয়ে। উল্লেখ্য যে মহামাৰী কৰোণা ভাইৰাছৰ পৰা হাত সাৰিবলৈ বিশেষকৈ স্বাস্থ্য  কৰ্মীৰ লগতে কোৱাৰেনন্টাইন শিবিৰত  বহি:ৰাজ্য ফেৰত লোকসকলক খাদ্যৰ যোগান ধৰা আৰু তেওঁলোকক বহি:ৰাজ্যৰ পৰা অহা লোক সকলক স্কীনিং আদি কামৰ লগত জৰিয়তে  বিষয়া-কৰ্মচাৰী আৰু স্বাস্থ্য কৰ্মী সকলে এই পি পি কিট ব্যৱহাৰ কৰে। একক ব্যৱহাৰ যোগ্য এই পি পি কিট সমুহ নিয়ম অনুসৰি এবাৰ ব্যৱহাৰ কৰাৰ পিছত জ্বলাই দিব লাগে যদিও কি কাৰণত এই কিট সমুহ নগাঁৱৰ ৰাজপথত সঘনাই উদ্ধাৰ হৈছে। এই লৈ এতিয়া সকলো উদ্বিগ্ন হোৱাৰ লগতে শংকিত হৈ পৰিছে। যিহেতু এই কিটসমুহ শিক্ষিত তথা স্বাস্থ্য নতুবা কৰোণা ভাইৰাছ সন্দৰ্ভত জ্ঞান থকা লোক সকলে ব্যৱহাৰ কৰে, সেয়ে কি স্বাৰ্থত এই শিক্ষিত লোক সকলে পথৰ দাতিত মাৰত্মক ৰূপী পি পি কিটসমুহ পেলাই থৈ যায়, তাক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। এই ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে সচেতন লোকে। পি পি কিট যতে ততে পলোৱা দেখা মাত্ৰেই আৰক্ষী তথা জিলা প্ৰশাসনক খবৰ দিবলৈ আহ্বান জনাইছে ভু-ৰখা মহলটোৱে।

Leave A Reply

Your email address will not be published.