কৃষি মন্ত্ৰী নৰেন্দ্ৰ তোমাৰে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ পুননিৰ্মাণ Gene Bank উদ্বোধন কৰে

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে সোমবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় উদ্ভিদ আনুবংশিক সম্পদ ব্যুৰো (এনবিপিজিআৰ)ত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ পুনৰ্নিৰ্মাণ কৰা অত্যাধুনিক ৰাষ্ট্ৰীয় জিন বেংক উদ্বোধন কৰে।

এই উপলক্ষে তোমাৰে কয় যে ভাৰতৰ কৃষকসকলে কৃষি খণ্ডই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ গ্ৰহণ কৰি সেইবোৰ জয় কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম।
তেওঁ কৈছিল যে আমাৰ কৃষকসকল কোনো ডাঙৰ শৈক্ষিক ডিগ্ৰী অবিহনেও দক্ষ মানৱ সম্পদ।

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা প্ৰকাশ অনুসৰি, মন্ত্ৰীগৰাকীয়ে কয় যে এই পুনৰ্নিৰ্মাণ কৰা অত্যাধুনিক ৰাষ্ট্ৰীয় জিন বেংক সেই দিশত এক শক্তিশালী পদক্ষেপ।

Related Articles