Breaking

অন্তিম পৰ্যায়ত উপনীত মাজুলীৰ ন’ন-কেডেষ্ট্ৰেল গাঁৱৰ ভূমি জৰীপ : ডিজিপিএছ পদ্ধতিৰ জৰীপ আৰম্ভ : ভূমিলেক্ষ্য আৰু জৰীপ সঞ্চালকালয়ৰ ২টা দলৰ মাজুলীত বাহৰ ।

0 144

মাজুলী

 অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ভূমিলেক্ষ্য আৰু জৰীপ সঞ্চালকালয়ৰ জৰিয়তে মাজুলী জিলাৰ পূৰ্বতে ভূমি জৰীপ নোহোৱাকৈ থকা এলেকাসমূহত যোৱা বছৰৰ জুলাইৰ পৰা আৰম্ভ কৰা ভূমি জৰীপ কাৰ্য সম্পূৰ্ণ হোৱাৰ দিশত আগবাঢ়িছে। ইতিমধ্যে জিলাখনৰ ২৩ ন’ন-কেডেষ্ট্ৰেল গাঁৱৰ ভিতৰৰে ২১খন গাঁৱত চলিত বৰ্ষৰ জানুৱাৰীত প্ৰথম পৰ্যায়ৰ ভূমি জৰীপ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত যোৱা ৩১ মে’ৰ পৰা দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ জৰীপ কাৰ্য আৰম্ভ কৰিছে ভূমিলেক্ষ্য আৰু জৰীপ সঞ্চালকালয়ৰ দুটা জৰীপকাৰী দলে। নিৰ্ভুল ৰূপত অৱস্থান নিৰূপণেৰে এই গাঁওসমূহৰ সঠিক মানচিত্ৰ অংকণ কৰিব পৰাকৈ ‘ডিফাৰেন্সিয়েল গ্ল’বেল’ প’জিচনিং ছীছটেম’ (ডিজিপিএছ) ব্যৱহাৰ কৰি এই দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ জৰীপৰ কাম সম্পূৰ্ণ কৰা হ’ব। প্ৰথম পৰ্যায়ত নমিনেল জিপিএছ’ পদ্ধতিৰ জৰীপ সম্পূৰ্ণ হোৱা কমলাবাৰী আৰু আঁহতগুৰি মৌজাৰ ২১খন গাঁৱত এই ডিজিপিএছ পদ্ধতিৰ দ্বিতীয় পৰ্যায়ৰ জৰীপ কাৰ্য সম্পন্ন কৰিবলৈ ইতিমধ্যে ভূমিলেক্ষ্য আৰু জৰীপ সঞ্চালকালয়ৰ দুটা জৰীপকাৰী দলে মাজুলীত বাহৰ পাতি আছেহি। ডিজিপিএছ পদ্ধতিৰে কোনো এডোখৰ ঠাইৰ প্ৰায় ৯৫-৯৯ শতাংশ সঠিক গোলকীয় অৱস্থান নিৰূপণ কৰিব পৰা যায়। যোৱা দেওবাৰে কমলাবাৰী মৌজাৰ অন্তৰ্গত ভকত চাপৰিত মাজুলী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অচ্যুৎ বৰুৱা আৰু সংলগ্ন চক্ৰ বিষয়া ডাঃ অনামিকা গগৈৰ উপস্থিতিত ডিজিপিএছ পদ্ধতিৰ দ্বিতীয় পৰ্যায়ৰ ভূমি জৰীপ কাৰ্যৰ শুভাৰম্ভ কৰা হয়। একেদৰে, সোমবাৰে নতুন বেদাং চাপৰি আৰু কালি মঙ্গলবাৰে কুলামুৱা চাপৰিত ডিজিপিএছ পদ্ধতিৰ সহায়ত জৰীপকাৰী দলে প্ৰায় নিৰ্ভুল ৰূপত গাঁ দুখনৰ ভূমিৰ গোলকীয় অৱস্থান নিৰ্ণয় কৰে। জৰীপকাৰী দল দুটাই চলিত সপ্তাহৰ শেষৰ ফালে আঁহতগুৰি মৌজাৰ অন্তৰ্গত আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়ত এলেকাৰ অৱশিষ্ট গাঁওসমূহতো ডিজিপিএছ পদ্ধতিৰ সহায়ত ভূমি জৰীপ কাৰ্য সম্পন্ন কৰিব। চলিত জুন মাহৰ ভিতৰতে এই দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভূমি জৰীপ কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ পাছত এই গাঁওসমূহ মাজুলী জিলাৰ মানচিত্ৰত ৰাজহ গাঁও হিচাপে পৰিগণিত হ’ব। উল্লেখ্য যে, মাজুলী জিলাত ইতিপূৰ্বে ভূমি জৰীপ নোহোৱাকৈ মুঠ ২৩ খন ন’ন-কেডেষ্ট্ৰেল গাঁও আছিল। ইয়াৰে ২১ খনত ভূমি জৰীপ কাৰ্য চলিত মাহতে সম্পূৰ্ণ হ’বলৈ আগবাঢ়িছে যদিও আন দুখন গাঁও লখিমপুৰ আৰু শিৱসাগৰ জিলাৰ সীমামূৰীয়া হোৱাৰ বাবে এই দুখন জিলাৰ লগত আলোচনাৰে পৰৱৰ্তী সময়ত অৱশিষ্ট গাঁও দুখনত ভূমি জৰীপ সম্পন্ন কৰা হ’ব। ।

Leave A Reply

Your email address will not be published.