Breaking

টীয়কৰ এখন ওলমা দলঙে দৃষ্টি কাঢ়িছে সকলোৰে ।

0 79

টীয়ক

পৰিবৰ্তনকামী চৰকাৰৰ দিনত ৰাইজে সাজি লোৱা জাঁজী নদীৰ ওপৰৰ এখন ওলমা দলঙে দৃষ্টি কাঢ়িছে সকলোৰে ৷ বাৰিষাৰ বানে কাল মূৰ্তি ধাৰণ কৰাৰ লাগে লগে বহিঃ জগতৰ লগত যাতায়ত বিঘ্নিত হৈ পৰা টীয়কৰ এটা বিস্তৃত অঞ্চলত জনতাৰ আৰ্তনাদ হয় । স্কুল কলেজৰ ছাত্র-ছাত্ৰী, কৃষক-বনুৱা আদি সকলোৰে দৈনন্দিন জীৱন স্তব্ধ হৈ পৰে বহু সময়ত । যোৰহাট জিলাৰ টীয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত জাঁজী নদীৰ ইপাৰ সিপাৰ হোৱা পথত থকা এজাৰগুৰি পাৰ ঘাটতো পূৱ টীয়ক গাঁও পঞ্চায়তে বছৰে নিবিদাৰ জড়িয়তে ঘাটৈ নিয়োগ কৰে । উক্ত ঘাটত প্ৰতি বছৰে খৰালি ঘাটৈয়ে একোখনকৈ বাঁহৰ দলং সাজে যদিও প্ৰতি বাৰিষাৰ প্ৰথম বানতে এই দলং উটি যায় । বাৰে বাৰে নদী খনে  জন জীৱনৰ গতি স্থবিৰ কৰাৰ বিপৰীতে ইয়াৰ ৰাইজে কঠোৰ সংগ্ৰামৰ মুখামুখি হৈ জীৱন যাত্ৰা আগুৱাই নি আছে । ইতিমধ্যে এইবাৰো নদীৰ প্ৰথম বানতেই খৰালি সজা দলং খন উটি যায় । এইবাৰ এজাগুৰি বাসী লোকে হাজাৰ বিঘিনি নেওচি বাৰিষাৰ দিনতেই দলং সাজি ইপাৰ সিপাৰ হ’বলৈ এক ন-কৌশল প্ৰয়োগ কৰিছে । ঘাটৈ ভাস্কৰজ্যোতি শ‌ইকীয়াৰ তৎপৰতাত এই স্থানত স্থানীয় যুৱক সকলে এইবাৰ সাজি উলিয়াইছে এখন ওলমা দলং । নদী খনৰ প্ৰায় ৬০ মিটাৰ বহল এই স্থানত  ৫ ফুট বহলকৈ দলং খন সাজি বানৰ লগত মোকাবিলা কৰাৰ মন মেলিছে । কাইলৈ এই দলং খন  পঞ্চায়ত সভানেত্ৰীয়ে যাতায়তৰ বাবে মুকলি কৰাৰ কথা । 

Leave A Reply

Your email address will not be published.